Sunday, April 27, 2025
অসমীয়া

Fact Check

Fact Check: ৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে ১ জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি?

Written By Rangman Das, Edited By Chayan Kundu
Dec 21, 2023
banner_image

Claim
৩১ ডিচেম্বৰৰ আগতে কৰক ৰন্ধন গেছ চিলিণ্ডাৰৰ বায়’মেট্ৰিক আপডেত। নকৰিলে ১ জানুৱাৰীৰ পিছতে কিনিব নোৱাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ।

Fact
উজ্জ্বলা আঁচনিৰ অধীনত ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ ৰাজসাহায্য সময়মতে লাভ কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বায়’মেট্ৰিক আপডেট কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু, ৩১ ডিচেম্বৰৰ কোনো সময়সীমা নাই আৰু জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কৰা দাবী মিছা।

অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ একাধিক নিউজ প’ৰ্টেলে এই বাতৰি পৰিৱেশন কৰি কৈছে যে সেই ৰন্ধন গেছ চিলিণ্ডাৰৰ গ্ৰাহকসকলৰ বায়’মেট্ৰিক আপডেটৰ অন্তিম সময়সীমা হৈছে ২০২৩ চনৰ ৩১ ডিচেম্বৰ। All Tips Media শীৰ্ষক ফে’চবুক পেজটোৱে উল্লেখ কৰিছে – ৩১ ডিচেম্বৰৰ আগতে কৰক ৰন্ধন গেছৰ এই কাম নকৰিলে আপুনি পৰিব ভয়ংকৰ বিপদত। ভিডিঅ’ পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

আনফালে Isha 24×7 নামৰ পেজটোৱে একেই তথ্যৰে এটা বাতৰি পৰিৱেশন কৰি লিখিছে – ৩১ ডিচেম্বৰৰ আগতে কৰক ৰন্ধন গেছ চিলিণ্ডাৰৰ বায়’মেট্ৰিক আপডেত। নকৰিলে ১ জানুৱাৰীৰ পিছতে কিনিব নোৱাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ভিডিঅ’ পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

Fact Check / Verification

নিউজচেকাৰে পোনপ্ৰথমে এই বাতৰিৰ সত্যতা জানিবৰ বাবে আমি “LPG Gas E-KYC” ৰে কী-ৱৰ্ড ছাৰ্ছ কৰো। ইয়াতেই আমি ভালেসংখ্যক বাতৰি লাভ কৰো। দৈনিক জাগৰণ বাতৰি কাকতে প্ৰকাশ কৰা এক বাতৰি অনুসৰি DBT বা প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ সুবিধা থকা সকলো ঘৰুৱা গেছ গ্ৰাহকে তেওঁলোকৰ বায়’মেট্ৰিক প্ৰমাণীকৰণ কৰিব লাগিব, অন্যথা অনাগত দিনত তেওঁলোকে ৰাজসাহায্যৰ পৰা বঞ্চিত হ’ব লাগিব। ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এই বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু সাধাৰণ গেছ গ্ৰাহকৰ বাবে বায়’মেট্ৰিক প্ৰমাণীকৰণ কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে গ্ৰাহকে সংশ্লিষ্ট বিতৰকৰ ওচৰলৈ গৈ ই-কেৱাইচি (LPG Gas – E-KYC) কৰাব লাগিব। একে সময়তে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰ পিছত গেছ সংস্থাসমূহেও এই ক্ষেত্ৰত কাম আৰম্ভ কৰিছে। প্ৰতিবেদনটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

দৈনিক জাগৰণৰ আন এক প্ৰতিবেদন অনুসৰি ৩১ ডিচেম্বৰৰ পূৰ্বে উপভোক্তাসকলে বায়’মেট্ৰিক প্ৰমাণীকৰণ সম্পন্ন নকৰিলে তেওঁলোকে লাভ কৰা ৰাজসাহায্য বন্ধ হৈ পৰিব। উল্লেখ্য যে কোনো এটা প্ৰতিবেদনতে উল্লেখ নাই যে বায়’মেট্ৰিক প্ৰমাণীকৰণ নকৰিলে ৰন্ধন গেছ ক্ৰয় কৰিব নোৱাৰিব। প্ৰতিবেদনত উল্লেখ আছে যে এল পি জি ৰাজসাহায্য লাভ কৰিবলৈ এতিয়া ই- কে ৱাই চি বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বাবে সকলো গেছ গ্ৰাহকক তেওঁলোকৰ গেছ যোগানৰ সৈতে জড়িত এজেন্সীলৈ গৈ ই-কেৱাইচি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, নহ’লে তেওঁলোকৰ ৰাজসাহায্য বন্ধ হ’ব পাৰে। ই-কে ৱাই চিৰ এই কামটো গেছ এজেন্সীৰ কাৰ্যালয়ত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ কৰিব পাৰিব। চৰকাৰৰ নিৰ্দেশ অনুসৰি ২৫ নৱেম্বৰৰ পৰা আৰম্ভ কৰা ই-কেৱাইচি ৩১ ডিচেম্বৰলৈকে চলিব। মনত ৰাখিব যে যদি আপুনি গেছ ৰাজসাহায্য পাবলৈ বিচাৰে তেন্তে ৩১ ডিচেম্বৰৰ ভিতৰত ই-কেৱাইচি কৰি লওক। ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ৰাজসাহায্যযুক্ত গেছৰ মূল্য লাভ কৰা গ্ৰাহকৰ বাবে ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে।

এই সন্দৰ্ভত ভালেমান আগশাৰীৰ বাতৰি প্ৰতিষ্ঠানেও প্ৰতিবেদন পৰিৱেশন কৰি উল্লেখ কৰিছে যে ই-কেৱাইচি আপডেট নকৰিলে ৰাজসাহায্যহে বন্ধ হৈ পৰিব। এই বাতৰি প্ৰতিবেদনবোৰ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

আমি ই-কেৱাইচিৰ অন্তিম তাৰিখ সন্দৰ্ভত পুনৰ গুগল ছাৰ্ছ কৰোতে The Times of India ৰ এটা প্ৰতিবেদন লাভ কৰো। ইয়াত উল্লেখ কৰা হৈছে – “এই বায়’মেট্ৰিক প্ৰমাণীকৰণৰ বাবে ইমান নিৰ্দিষ্ট সময়সীমা নাই। কিন্তু আমি সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰিব লাগিব। গতিকে, আমাৰ গুৰুত্ব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (PMUY)ৰ হিতাধিকাৰীসকলৰ ওপৰত। ইয়াৰ পিছত আন ৰাজসাহায্যধাৰীসকলক প্ৰমাণীকৰণ কৰা হ’ব।’ এই ভাষ্য এগৰাকী তেল বিপণন কোম্পানীৰ জ্যেষ্ঠ বিষয়াৰ।

ইফালে আন এক প্ৰতিবেদনত দ্য টাইমছ অৱ ইণ্ডিয়াই গ্ৰাফিক্সৰ জৰিয়তে এক টাইমলাইন উল্লেখ কৰিছে। এই টাইমলাইন অনুসৰিও বায়’মেট্ৰিক প্ৰমাণীকৰণৰ অন্তিম ৰি-ভেৰিফিকেশ্যনৰ সময় ৩১ মাৰ্চ, ২০২৪। প্ৰতিবেদনটো ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।

সৌজন্য – The Times of India

Conclusion

উজ্জ্বলা আঁচনিৰ অধীনত ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ ৰাজসাহায্য সময়মতে লাভ কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বায়’মেট্ৰিক আপডেট কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু, ৩১ ডিচেম্বৰৰ কোনো সময়সীমা নাই আৰু জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কৰা দাবী মিছা।

Result: Partly False

Our Sources:
1. Report published by Dainik Jagran, dated Dec 5 & 13, 2023
2. Report published by The Times of India, dated Dec 16, 2023


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
No related articles found
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,944

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.
cookie

আমাৰ ওয়েবচাইটটো কুকিজসমূহ ব্যৱহাৰ কৰে

আমি কুকিজ আৰু সমান প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰীকোঠাম, বিজ্ঞাপন বানাই আৰু মাপাব লাগিব, আৰু এটা শ্ৰেষ্ঠ অভিজ্ঞান দিব লাগিব সহায় কৰিম। 'ঠিক আছে' ক্লিক কৰি বা কুকি পছন্দৰত এটা অপশন চালু কৰি, আপুনি এইয়াৰে সম্মত হৈছে, যেতিয়া আমাৰ কুকি নীতিত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে।