Tuesday, April 15, 2025

Fact Check

Fact Check: হাপানী বিয়পাবলৈ চীনে প্ৰস্তুত কৰা আতচবাজীৰ বিৰুদ্ধে কোনো পৰামৰ্শ জাৰি কৰা নাই গৃহ মন্ত্ৰালয়ে

Written By Rangman Das, Edited By Chayan Kundu
Nov 10, 2023
banner_image

Claim
যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক ভাৰতৰ ওপৰত প্ৰতিশোধৰ দাবী জনাইছে। ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি বিশেষ ধৰণৰ বিষাক্ত ফটকা সাজি উলিয়াইছে। ইয়াৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে জৰুৰী সূচনা জাৰি কৰিছে।

Fact
ভাৰতীয় নাগৰিকসকলক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ কোৱা এটা ভিত্তিহীন বাৰ্তা গৃহ মন্ত্ৰালয়ক মিছা আৰোপ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল। এয়া ভিত্তিহীন আৰু মিছা।

দীপাৱলী সমাগত। ইয়াৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি বিয়পি পৰিছে, তাৰ ভিতৰত শেহতীয়াকৈ এটা গৃহ মন্ত্ৰালয়ৰ বাৰ্তা বুলি ভাইৰেল হৈ পৰিছে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ জ্যেষ্ঠ তদন্তকাৰী বিষয়া বিশ্বজিৎ মুখাৰ্জী বুলি উল্লেখ থকা এই বাৰ্তাটোত লিখা হৈছে – চোৰাংচোৱা তথ্য অনুসৰি যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক ভাৰতৰ ওপৰত প্ৰতিশোধৰ দাবী জনাইছে। ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি বিশেষ ধৰণৰ বিষাক্ত ফটকা সাজি উলিয়াইছে । ইয়াৰ উপৰিও ভাৰতত চকুৰ ৰোগৰ বিকাশৰ বাবে বিশেষ পোহৰৰ সজ্জামূলক লাইট নিৰ্মাণ কৰিছে , যত প্ৰচুৰ পৰিমাণে পাৰা ব্যৱহাৰ কৰা হৈছে । অনুগ্ৰহ কৰি দীপাৱলীত সচেতন হওঁক আৰু এই চীনা সামগ্ৰী ব্যৱহাৰ নকৰিব। এই বাৰ্তা সকলো ভাৰতীয়লৈ বিয়পাই দিয়ক।

এই পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

এই একেখিনি দাবীৰেই বিভিন্ন ফে’চবুক ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। সেইবোৰৰ একাংশ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।

Fact Check / Verification

এই ভাইৰেল ফটোবোৰৰ সত্যতা নিৰূপণৰ বাবে আমি পোনপ্ৰথমেই পোষ্টটো ইংৰাজীলৈ অনুবাদ কৰি প্ৰাসঙ্গিক কী-ৱৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেটত সন্ধান আৰম্ভ কৰিলো। ইয়াতেই আমি ভাৰত চৰকাৰৰ অধীনস্থ গোট প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ৰ এটা পুৰণি টুইট দেখিবলৈ পাও। টুইটটো ইয়াত ক্লিক কৰি বা তলত চাব পাৰিব। এই টুইটটোৰ মতে এই ভাইৰেল বাৰ্তাটো ভুল আৰু ভাৰতৰ গৃহ মন্ত্ৰালয়ে তেনে কোনোধৰণৰ জাননী জাৰি কৰা নাই।

আমি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ আৰু গৃহ মন্ত্ৰালয়ৰ ৱেবছাইটৰ প্ৰেছ বিবৃতিবোৰ পৰীক্ষা কৰো যদিও এই সম্বন্ধীয় কোনো বিবৃতি লাভ নকৰিলো।

ইয়াৰ পিছতে আমি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’ গুৱাহাটীৰ বিষয়া বৰ্ণালী মহন্তৰ সৈতে যোগাযোগ কৰি এই ভাইৰেল পোষ্টৰ বিষয়ে অৱগত কৰো। তেওঁ জনায়, “এইটো প্ৰায় প্ৰতিবছৰেই দীপাৱলীৰ সময়ত ছ’চিয়েল মিডিয়া আৰু হোৱাটছএপ্পত প্ৰচাৰ হৈ থকা পোষ্ট। এইবোৰ বিশ্বাস কৰিব নালাগে। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এনেধৰণৰ কোনো জাননী শেহতীয়াকৈও প্ৰকাশ হোৱা নাই।”

উল্লেখ্য যে এই বাৰ্তা ইংৰাজী ভাষাতো ২০১৯ চনৰ পৰাই বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে।

Conclusion

নিউজচেকাৰে অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি ভাইৰেল হোৱা এই পোষ্টটো ভিত্তিহীন। ভাৰতৰ গৃহ মন্ত্ৰালয়ে এনেধৰণৰ কোনো নিৰ্দেশনা বা আহ্বান জাৰি কৰা নাই। ভাইৰেল পোষ্ট ভুৱা।

Result: False

Our Sources:
1. X post by Press Information Bureau, dated October 18, 2021
2. Telephonic conversation with Communication Officer, PIB Guwahati


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
No related articles found
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,795

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.
cookie

আমাৰ ওয়েবচাইটটো কুকিজসমূহ ব্যৱহাৰ কৰে

আমি কুকিজ আৰু সমান প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰীকোঠাম, বিজ্ঞাপন বানাই আৰু মাপাব লাগিব, আৰু এটা শ্ৰেষ্ঠ অভিজ্ঞান দিব লাগিব সহায় কৰিম। 'ঠিক আছে' ক্লিক কৰি বা কুকি পছন্দৰত এটা অপশন চালু কৰি, আপুনি এইয়াৰে সম্মত হৈছে, যেতিয়া আমাৰ কুকি নীতিত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে।