Sunday, March 23, 2025

Fact Check

Fact Check: অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ বুলি ভাইৰেল

Written By Rangman Das, Edited By Chayan Kundu
Nov 28, 2023
banner_image

Claim
এই ফটোখন ১৯৪৬ চনৰ। ইউৰোপৰ পৰা বিতাৰিত ইহুদী সকলে ভোক নিবাৰণৰ বাবে খাদ্য আৰু অকণমান আশ্ৰয় বিচাৰি পেলেষ্টাইন চৰকাৰৰ ওচৰত সহায় প্ৰাৰ্থনা কৰাৰ সময়ত এই ফটোখন লোৱা হৈছিল।

Fact
এই ফটোখন প্ৰকৃততে ১৯৪৫ চনৰ এপ্ৰিল মাহত অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পত তোলা হৈছিল। এই কেম্পৰ কিছুসংখ্যক বন্দীক এই ফটোত দেখুওৱা হৈছে। এয়া ইউৰোপৰ পৰা বিতাৰিত হোৱা ইহুদীসকলে পেলেষ্টাইনৰ সহায় বিচৰা দৃশ্য  নহয়।

ফেচবুকত শেহতীয়াকৈ একাংশ অস্থি-চৰ্মসাৰ লোকৰ এখন কলা-বগা ফটো ভাইৰেল হৈ পৰিছে। ফটোখনৰ সৈতে এটা দীঘলীয়া লেখাও সন্নিৱিষ্ট আছে। এই লেখাটোত দাবী কৰা হৈছে যে এই ফটোখন ১৯৪৬ চনত একাংশ ইউৰোপ বিতাৰিত ইহুদী লোকৰ। এই ফটোখনত দেখা লোকসকলে তেতিয়াৰ পেলেষ্টাইন চৰকাৰৰ ওচৰত খাদ্য আৰু বাসস্থানৰ বাবে প্ৰাৰ্থনা জনাই থকা বুলি দাবী কৰা হৈছে।

এই পোষ্টটো অসমৰ ধিং বিধানসভা সমষ্টিৰ এআইইউডিএফ বিধায়ক তথা অসম বিধানসভাৰ উপ-দলপতি আমিনুল ইছলামৰ ফেচবুক পেজৰ পৰা শ্বেয়াৰ কৰা হৈছে। প্ৰতিবেদন যুগুত কৰাৰ সময়লৈ পোষ্টটো ১৭০০ লোকে শ্বেয়াৰ কৰিছে। এই পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

একেই দাবীৰে আন কিছু সংখ্যক ফেচবুক ইউজাৰেও এই ফটোখন পোষ্ট কৰিছে। সেইবোৰ ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।

Fact Check / Verification

নিউজচেকাৰে এই ফটোখনৰ পোষ্টটোৰ সত্যতা জানিবৰ বাবে পোনপ্ৰথমেই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুল ব্যৱহাৰ কৰে। ইয়াতেই আমি ভালেসংখ্যক প্ৰতিবেদন লাভ কৰিবলৈ সক্ষম হও। ইয়াৰে লিংকে আমাক লৈ যায় Alamy.com ৰ এখন ফটোলৈ। ফটোখনৰ কেপশ্যনত লিখা হৈছে – Inmates of Ebensee concentration camp after their liberation by American troops on May 6, 1945. Ebensee provided slave labor to build tunnels for armaments storage. Austria, World War 2. (BSLOC_2014_4_26). অৰ্থাত্ ১৯৪৫ চনৰ ৬ মে’ত আমেৰিকান সৈন্যই মুক্ত কৰাৰ পিছত এবেনচি কনচেনট্ৰেচন কেম্পৰ বন্দীসকল। এবেনচিয়ে অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণৰ বাবে সুৰংগ নিৰ্মাণৰ বাবে দাস শ্ৰমিকৰ ব্যৱস্থা কৰিছিল। অষ্ট্ৰিয়া, দ্বিতীয় বিশ্বযুদ্ধ।

Daily Mail বাতৰি কাকতেও ১ জুলাই ২০১৯ তাৰিখে প্ৰকাশ কৰা এটা বিশেষ প্ৰতিবেদনত এই ভাইৰেল ফটোখন প্ৰকাশ কৰিছিল। তাৰ কেপশ্যন হিচাপে লিখিছিল – Inmates of Ebensee concentration camp after their liberation by American troops on May 6, 1945 (১৯৪৫ চনৰ ৬ মে’ত আমেৰিকান সৈন্যই মুক্তি দিয়াৰ পিছত এবেনচি কনচেনট্ৰেচন কেম্পৰ বন্দীসকল)

ইফালে Courthouse News এ প্ৰকাশ কৰা এক প্ৰতিবেদনত সন্নিৱিষ্ট কৰা এই ফটোখনৰ সৈতে কেপশ্যন লিখিছে – FILE – In this May 7, 1945 file photo emaciated prisoners at one of the largest Nazi Concentration camps at Evensee Austria, in the Austrian Alps. Nazi commanders signed their surrender to Allied forces in a French schoolhouse 75 years ago this week, ending World War II in Europe and the Holocaust. (AP Photo, File) (FILE – এই ৭ মে, ১৯৪৫ ৰ ফাইল ফটোখনত অস্থিচৰ্মসাৰ বন্দীসকলক Evensee অষ্ট্ৰিয়া, অষ্ট্ৰিয়ান আল্পছৰ এটা বৃহত্তম নাজী কনচেনট্ৰেচন শিবিৰত দেখা গৈছে। নাজী সেনাপতিসকলে এই সপ্তাহটোতেই ৭৫ বছৰ পূৰ্বে ফ্ৰান্সৰ এটা স্কুলঘৰত মিত্ৰশক্তিৰ ওচৰত আত্মসমৰ্পণত স্বাক্ষৰ কৰি ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধ আৰু নৰসংহাৰৰ অন্ত পেলাইছিল। (এ পি ফটো, ফাইল)

ফটোখনৰ সৈতে কোনো স্থানতে পেলেষ্টাইনৰ উল্লেখ নাই। আনকি পোষ্টটোত উল্লেখ কৰাৰ লেখীয়াকৈ এই লোককেইগৰাকীক ইউৰোপ বিতাৰিত ইহুদী বুলিও উল্লেখ নাই।

তদুপৰি, এই ফটোখন আমি Trueman Library আৰু Times of Israel ৰ প্ৰতিবেদনতো দেখিবলৈ পাও।

Conclusion

ভাইৰেল ফটোখনৰ সত্যতা পৰীক্ষা কৰি লাভ কৰা তথ্য অনুসৰি এই ফটোখনৰ সৈতে পেলেষ্টাইনৰ কোনো সম্পৰ্ক নাই। ফটোত থকা লোকসকলে পেলেষ্টাইন চৰকাৰৰ সমূখত সহায় ভিক্ষা কৰা নাছিল। এয়া অষ্ট্ৰিয়াৰহে ফটো। আনহাতে ফটোখন ১৯৪৬ চনৰ নহয়, বৰঞ্চ ১৯৪৫ চনৰহে। ফটোৰ সৈতে কৰা দাবী মিছা।

Result: False

Our Sources:
1. Image published by Alamy.com
2. Report published by DailyMail.co.uk
3. Report published by Courthouse News.


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,500

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.
cookie

আমাৰ ওয়েবচাইটটো কুকিজসমূহ ব্যৱহাৰ কৰে

আমি কুকিজ আৰু সমান প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰীকোঠাম, বিজ্ঞাপন বানাই আৰু মাপাব লাগিব, আৰু এটা শ্ৰেষ্ঠ অভিজ্ঞান দিব লাগিব সহায় কৰিম। 'ঠিক আছে' ক্লিক কৰি বা কুকি পছন্দৰত এটা অপশন চালু কৰি, আপুনি এইয়াৰে সম্মত হৈছে, যেতিয়া আমাৰ কুকি নীতিত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে।