Monday, April 7, 2025
অসমীয়া

Fact Check

Fact Check: পৰম্পৰাগত গণেশৰ মূৰ্তি নিৰ্মাণকাৰী ভাস্কৰ্য শিল্পীৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ অন্যায়? ভাইৰেল দাবী মিছা

banner_image

Claim
তামিলনাডু চৰকাৰ হিন্দু বিৰোধী আৰু পৰম্পৰাগত গণেশ মূৰ্তি ব্যৱসায়ত নিষেধাজ্ঞা আৰোপ কৰি অন্যায় কৰিছে।

Fact
এই দাবী মিছা। নিয়ম ভংগ কৰি মূৰ্তি নিৰ্মাণ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু ইয়াক সাম্প্ৰদায়িক ৰং দিয়া হৈছে।

আমি ছ’ছিয়েল মিডিয়াত তামিলনাডু চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰা এক দাবী দেখিবলৈ পাইছো। দাবীটোত কোৱা হৈছে যে তামিলনাডু চৰকাৰে স্থানীয় পৰম্পৰাগত মূৰ্তি ব্যৱসায়ীসকলৰ লগত অন্যায় কৰি নিষেধাজ্ঞা জাৰি কৰিছে। আমি এটা ভিডিঅ’সহ ছ’চিয়েল মিডিয়া পোষ্ট দেখিবলৈ পোৱাৰ পিছত পিছত গণেশোৎসৱৰ পৰৱৰ্তী সময়ত এই দাবী অন্য ভাষাতো ‘এক্স’ত আৰু মাৰাঠী ভাষাৰ হোৱাটছএপত প্ৰচাৰিত হোৱা দেখিবলৈ পাও।

আন ভাষাৰ পোষ্টবোৰতো একেই দাবী দেখিবলৈ পোৱা গৈছে। ভাইৰেল হোৱা এই উক্ত ভিডিঅ’টো চাব পাৰে।

https://twitter.com/UpadhyayaR46784/status/1702909443791610102

আমি ফেচবুকতো একে দাবী দেখিবলৈ পাও।

নিউজচেকাৰে আমাৰ হোৱাটছএপ টিপলাইন (+৯১ ৯৯৯৯৪৯৯০৪৪) ত কেইবাজনো ব্যৱহাৰকাৰীৰ পৰা একেধৰণৰ দাবী লাভ কৰিছে আৰু ইয়াৰ সত্যতা পৰীক্ষা কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

Fact Check/ Verification

ভাইৰেল দাবীৰ সত্যতা জানিবলৈ নিউজচেকাৰে এই দাবীসম্বলিত ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰে। ভিডিঅ’টোত আৰক্ষী আৰু একাংশ নাগৰিকক দেখা গৈছে আৰু ভিডিঅ’টোৰ শেষৰ ফালে আৰক্ষীয়ে মূৰ্তি ৰখা ঠাইবোৰত তলা লগোৱা দেখা গৈছে। ৰাজস্থানী সাজ-পোছাক পৰিহিত নাগৰিক আৰু মহিলাসকলে আৰক্ষী প্ৰশাসনৰ লোকসকলক হাতযোৰ কৰি প্ৰাৰ্থনা কৰি অনুৰোধ কৰা দেখা গৈছে। উক্ত ভিডিঅ’টোৰ ভাষা পৰীক্ষা কৰাত আমি জানিব পাৰিলো যে ভিডিঅ’টোত ব্যক্তিসকলে তামিলনাডুৰ তামিল ভাষাত কথা পাতিছে। ইফালে ভাইৰেল ভিডিঅ’টোত আমি তামিল নিউজ চেনেল Polymer News ৰ ল’গ’ দেখিবলৈ পাও। ইয়াৰ পৰাই আমি নিশ্চিত হও যে এই ঘটনাটো তামিলনাডুত সংঘটিত হৈছে।

ইয়াৰ পিছতে আমি আনুষংগিক কীৱৰ্ড চাৰ্চ কৰোতে ১৭ ছেপ্টেম্বৰত নিউজ চেনেল polymer news  এ আপলোড কৰা মূল ভিডিঅ’টো দেখিবলৈ পাও। ইয়াত ভিডিঅ’টো চাব পাৰিব।

ভিডিঅ’টোৰ কেপচনত লিখা আছে, “১০ লাখ টকাৰ ৰসায়নিক মূৰ্তিৰ কাৰখানাত ওলমিল তলা।” ভিডিঅ’টোৰ বিৱৰণো তামিল ভাষাতে আছিল। ইয়াৰ অসমীয়া অনুবাদ – “ৰাসায়নিক দ্ৰব্যৰে ১০ লাখ টকাৰ গণেশৰ মূৰ্তি তৈয়াৰ কৰাৰ বাবে কাৰখানাবোৰ ছীল কৰি দিয়াত কৰ্মচাৰীসকলৰ কান্দোনৰ ৰোল.. উচ্চ ন্যায়ালয়ৰ মাদুৰাই শাখাৰ কঠোৰ চৰ্তৰ পিছত আজি এই ছীল আঁতৰোৱা হ’ব..”

অধিক অনুসন্ধানত আমি জানিবলৈ পাও যে ৰাসায়নিক সামগ্ৰীৰে গণেশ মূৰ্তি নিৰ্মাণ অৰ্থাৎ POP ৰ ব্যৱহাৰৰ বাবেই এই নিষিদ্ধকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈচিল। ইয়াৰ পিছতেই আমি নিউজচেকাৰ তামিল দলৰ সৈতে যোগাযোগ কৰো আৰু জানিব পাৰো যে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰৰ বাবেই প্ৰশাসনে এই ব্যৱস্তা গ্ৰহণ কৰিছে আৰু বিভিন্ন দাবীৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা হৈছে।

উল্লেখ্য যে তামিলনাডুৰ কাৰুৰ জিলাৰ ছুংগাগেট সংমণ্ডলত বছৰ বছৰ ধৰি ৰাজস্থানী শিপিনীসকলে বিভিন্ন পুতলা আৰু মূৰ্তি নিৰ্মাণ কৰি আহিছে। এই কৰ্মশালাসমূহ ত্ৰিচিৰ ওচৰতে অৱস্থিত। ইফালে উক্ত কাৰিকৰজনে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে আৰু এনে কাম কৰাত আদালতৰ নিষেধাজ্ঞা থকাৰ বাবে এই কৰ্মশালাসমূহত অভিযান চলাই নিষেধাজ্ঞা আৰোপ কৰা হয়। আমাৰ নিউজচেকাৰ তামিল দলৰ পৰা আমি এনে তথ্য পাইছিলোঁ।

এই সন্দৰ্ভত অধিক গৱেষণাৰ অন্তত আমি এই ঘটনা সন্দৰ্ভত একেধৰণৰ তথ্য দিয়া কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি পাইছিলোঁ আৰু এইবোৰৰ পৰা জানিবলৈ পাৰিছিলো যে ইয়াত কোনো জাতি বা সাম্প্ৰদায়িক বিষয় নাই।

এই ঘটনাৰ পিছত একাংশ হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাও দেখিবলৈ পোৱা গৈছিল। কিন্তু জিলা প্ৰশাসন, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আৰক্ষী প্ৰশাসনে ভুলটো আঙুলিয়াই দিয়াৰ লগে লগে আন্দোলন প্ৰত্যাহাৰ কৰা হয়। এই কথা ইয়াত, ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

এই বিষয়ে অধিক জানিবলৈ আমি কাৰুৰৰ জিলা ৰাজহ বিষয়া অৰ্থাৎ জিলাধিকাৰী এম কান্নানৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ কয়, “ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ আৰু প্ৰদূষণ নিয়ম উলংঘা হোৱাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰি গণেশ মূৰ্তিৰ এই গুদামবোৰ ছীল কৰি দিছো, ইয়াত কোনো জাতিগত বিষয় নাই।” ইয়াৰ উপৰিও তেওঁ এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত কৰা দাবীক খণ্ডন কৰি তেওঁ কৰা টুইটসমূহ আমাক প্ৰদান কৰে।

উল্লেখ্য যে এয়াই প্ৰথম এনে পদক্ষেপ নহয়, ইয়াৰ পূৰ্বেও ২০১৮ চনত এডিএমকে চৰকাৰৰ সময়তো একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ খবৰ আমি লাভ কৰিছো। নিউজ ১৮ তামিলে এই তথ্য প্ৰকাশ কৰিছে ২০১৮ চনৰ ৭ ছেপ্টেম্বৰত।

Screengrab of News18 Tamil

Conclusion

এইদৰে আমাৰ অনুসন্ধানত দেখা গৈছে যে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি মূৰ্তি নিৰ্মাণৰ কাৰ্য্যত সাম্প্ৰদায়িক বিষবাস্পৰ ভাইৰেল দাবী মিছা।

Result: Missing Context

Our Sources:
1. Video published by Polymer news on September 17, 2023
2. News published by Dinamani on September 14, 2023
3. News published by Dinmalar on September 18, 2023
4. News published by Vikatan on September 15, 2023
5. News published by News18 Tamil on September 8, 2018
6. Tweets made by collector karur
7. Conversation with DRO Karur


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
No related articles found
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,698

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.
cookie

আমাৰ ওয়েবচাইটটো কুকিজসমূহ ব্যৱহাৰ কৰে

আমি কুকিজ আৰু সমান প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰীকোঠাম, বিজ্ঞাপন বানাই আৰু মাপাব লাগিব, আৰু এটা শ্ৰেষ্ঠ অভিজ্ঞান দিব লাগিব সহায় কৰিম। 'ঠিক আছে' ক্লিক কৰি বা কুকি পছন্দৰত এটা অপশন চালু কৰি, আপুনি এইয়াৰে সম্মত হৈছে, যেতিয়া আমাৰ কুকি নীতিত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে।