Monday, March 17, 2025

Fact Check

Fact Check: মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক শ্বহীদ বুলি কৈছিল নেকি? সম্পাদিত ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল

Written By Rangman Das, Edited By Pankaj Menon
Dec 1, 2023
banner_image

Claim
জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেৰ কথা শুনিলে সকলোৰে চকু কপালত উঠিব! খাৰ্গেই ৰাহুল গান্ধীক অভিহিত কৰে দেশৰ বাবে শ্বহীদ বুলি।

Fact
এই দাবীটো এটা সম্পাদিত ভিডিঅ’ৰ কিয়দংশ। মল্লিকাৰ্জুন খাৰ্গেই মূল ভিডিঅ’টোত তৎক্ষণাৎ এই ভুলৰ বাবে ক্ষমা বিচাৰিছিল।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’টোত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দি আছে আৰু কয় যে “ৰাহুল গান্ধীৰ দৰে এজন নেতাই এই দেশৰ ঐক্যৰ বাবে প্ৰাণ দিছিল”। এই ভিডিঅ’টো আন বহুতো একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে।

অৱশ্যে, আমি আমাৰ অনুসন্ধানত পাইছিলো যে এইটো এটা সম্পাদিত ভিডিঅ’। দৰাচলতে, মল্লিকাৰ্জুন খাৰ্গে তৎক্ষণাৎ ৰাজস্থানৰ এখন ৰাজহুৱা সভাত ক্ষমা বিচাৰিছিল আৰু তেওঁৰ ভুল সংশোধন কৰিছিল আৰু কৈছিল যে ৰাজীৱ গান্ধীয়ে দেশৰ ঐক্যৰ বাবে প্ৰাণ দিছিল, ৰাহুল গান্ধীয়ে নহয়।

এই ভিডিঅ’টো বিজেপিৰ সমৰ্থনকাৰী এটা পেজ ‘মোদীৰ সৈতে অসম’ এ শ্বেয়াৰ কৰি লিখিছে – জ্যেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খাৰ্গেৰ কথা শুনিলে সকলোৰে চকু কপালত উঠিব! পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

৮ ছেকেণ্ডৰ ভিডিঅ’টো বিজেপিয়ে অফিচিয়েল এক্স একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছিল আৰু শিৰোনামটোত লিখিছিল, “কেতিয়া এনে হৈছে?”।

ইয়াৰ উপৰিও, বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ মুৰব্বী অমিত মালব্যও তেওঁৰ এক্স একাউণ্টৰ পৰা এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু শিৰোনামটোত লিখিছে, “যিসকলে আপোনাক সভাপতি কৰিছিল, তেওঁলোকৰ বিষয়ে এইটো কোৱাটো উচিত নহয় খাৰ্গে জী”।

একে সময়তে, এই 8 ছেকেণ্ডৰ ভিডিঅ’টো বিজেপি পঞ্জাৱকে ধৰি আন বহুতো প্ৰমাণীকৃত এক্স একাউণ্টৰ পৰাও শ্বেয়াৰ কৰা হৈছে। যিটো আপুনি ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰে।

Fact Check/Verification

নিউজচেকাৰে প্ৰথমে কংগ্ৰেছ দলৰ অফিচিয়েল ইউটিউব একাউণ্টত মল্লিকাৰ্জুন খাৰ্গেৰ কোৱা ভাষণৰ ভিডিঅ’ অনুসন্ধান কৰিছিল আৰু ২০ নৱেম্বৰ ২০২৩ তাৰিখৰ লাইভ ভিডিঅ’টো বিচাৰি পাইছিল।

এই ভিডিঅ’টোত, আমি ৰাজস্থানৰ অনুপগড়ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সম্পূৰ্ণ ভাষণ শুনিছিলো, আৰু আমি ভাইৰেল ভিডিঅ’টোৰ অংশটো প্ৰায় ৩১ মিনিট, ৩০ ছেকেণ্ডত পাইছিলো।

ভাইৰেল ভিডিঅ’টোৰ সন্মুখ আৰু পিছফালৰ কথা মনোযোগেৰে শুনি আমি দেখিলোঁ যে প্ৰকৃততে মঞ্চৰ পৰা বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, “কংগ্ৰেছ দলে দেশৰ সেৱাত নিয়োজিত হৈ আছে, আমাৰ দলত, ইন্দিৰাৰ দৰে এজন মহান নেতাই দেশৰ বাবে নিজৰ জীৱন উৎসর্গ কৰিছে। ৰাহুল গান্ধীৰ দৰে নেতাই এই দেশৰ ঐক্যৰ বাবে প্ৰাণ দিছিল।”

অৱশ্যে, মঞ্চত বহি থকা কোনোবাই তেওঁক বাধা দিয়াৰ লগে লগে তেওঁ নিজৰ ভুল সংশোধন কৰে আৰু সংবাদ মাধ্যম আৰু জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰে। “ৰাজীৱ গান্ধীয়ে একতাৰ বাবে প্ৰাণ দিছিল। কংগ্ৰেছত প্ৰাণ দিয়া লোক আছে আৰু এনে লোক আছে যিয়ে বিজেপিত প্ৰাণ দিয়ে।” ইয়াৰ পিছত, তেওঁ মহাত্মা গান্ধীৰ হত্যাৰ কথা উল্লেখ কৰি বিজেপিকো লক্ষ্য কৰি লৈছিল।

অনুসন্ধানৰ সময়ত, আমি কংগ্ৰেছৰ অফিচিয়েল ফেচবুক একাউণ্টৰ পৰা 20 নৱেম্বৰ, 2023 তাৰিখে লাইভ কৰা এটা ভিডিঅ’ পাইছিলো। এই ভিডিঅ’টোত, একেটা দৃশ্য প্ৰায় 31 মিনিটৰ বাবে দেখা আৰু শুনা যায়, যিবোৰ ওপৰত উল্লেখ কৰা হৈছে।

অনুসন্ধানৰ সময়ত, আমি নৱভাৰত টাইমছৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদনও পাইছিলো। এই প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছিল যে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে তেওঁৰ ভাষণৰ সময়ত কৈছিল যে ৰাহুল গান্ধীয়ে দেশৰ বাবে প্ৰাণ দিছিল। এই কথা শুনি, যেতিয়া কংগ্ৰেছ নেতাসকলে মঞ্চত চিঞৰিবলৈ আৰম্ভ কৰিছিল, খাৰ্গে তেওঁৰ ভুল সংশোধন কৰিছিল আৰু কৈছিল যে ৰাজীৱ গান্ধীয়ে দেশৰ বাবে প্ৰাণ দিছিল।

Conclusion

আমাৰ অনুসন্ধানত পোৱা প্ৰমাণৰ পৰা এইটো স্পষ্ট যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। আনকি, মল্লিকাৰ্জুন খাৰ্গেই এই ভুলৰ বাবে তৎক্ষণাৎ ক্ষমাও বিচাৰিছিল আৰু তেওঁৰ ভুল সংশোধন কৰিছিল।

Result: Missing Context

Our Sources:
1. INC Youtube Account: Video streamed on 20th Nov 2023
2. INC FB Account: Video uploaded on 20th Nov 2023
3. NBT Website: Report Published on 21st Nov 2023


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,453

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.