Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
১৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন
Fact
১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে। ভাইৰেল দাবী ভুৱা।
আজি সমগ্ৰ দেশজুৰি বিভিন্ন ছ’চিয়েল মিডিয়া ইউজাৰে অহা ১৬ এপ্ৰিলত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। একাংশ সংবাদ প্ৰতিস্থানেও উক্ত তাৰিখটোতেই পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি বাতৰি সম্প্ৰচাৰ কৰিছে। তেনে এটা পোষ্ট ইয়াত ক্লিক কৰি চাব পাৰিব।
একেদৰে আন একাংশ ইউজাৰে একেই দাবীৰে কৰা পোষ্টবোৰ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
১৬ এপ্ৰিলত সাধাৰণ নিৰ্বাচনৰ বাতৰি আৰু পোষ্টবোৰৰ সত্যতা নিৰূপণৰ বাবে আমি পোনপ্ৰথমে Election Commission of India আৰু Press Information Bureau ৰ ৱেবছাইট পৰীক্ষা কৰো দিও এই সন্দৰ্ভত কোনো তথ্য লাভ নকৰো। ইয়াৰ পিছতে ভাইৰেল পোষ্টবোৰৰ সৈতে সংলগ্ন পত্ৰখন আমি ভালদৰে পৰীক্ষা কৰো। এই পত্ৰখন বিগত ১৯ জানুবাৰী ২০২৪ তাৰিখে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা সহকাৰী মুখ্য নিৰ্বাচনী বিষয়া টি. মিছাও-এ দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিগৰাকী দায়িত্ববাহী বিষয়া আৰু দিল্লীৰ ১১ জিলাৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰিছিল। পত্ৰখনত বিষয়াগৰাকীয়ে উল্লেখ কৰিছিল যে দেশৰ নিৰ্বাচন আযোগে আগন্তুক ২০২৪চনৰ লোকসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নিৰ্বাচনী পৰিকল্পনা বিধি নিৰ্ধাৰিত সময়সীমা মতে পালন কৰিবলৈ আৰু সম্পাদন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে নিৰ্বাচনৰ কাম-কাজ আৰম্ভ কৰা আৰু অন্ত পেলোৱাৰ তাৰিখ নিৰ্ধাৰণৰ বাবে প্ৰসঙ্গ বা ৰেফাৰেন্স হিচাপে ১৬ এপ্ৰিলৰ দিনটো নিৰ্বাচন আয়োগে উল্লেখ কৰিছে। পত্ৰখন তলত চাব পাৰিব।
পত্ৰত লগতে উল্লেখ আছে যে প্ৰতিটো কৰ্মৰে আৰম্ভণি আৰু সম্পন্ন হোৱা দিনটোৰ সবিশেষ তথ্য নিৰ্বাচন পৰিকল্পনা পোৰ্টেল (Election Planner Portal)ৰ পৰা দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যলয়লৈ এছএমএছ আৰু ই-মেইলৰ জৰিয়তে জনোৱা হ’ব। এই পত্ৰখনত উল্লেখ থকা ১৬ এপ্ৰিল তাৰিখটো সম্প্ৰতি সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে লোকসভা নিৰ্বাচনৰ তাৰিখ হিচাপে।
ইয়াৰ পিছতে আমি Election Commission of India ৰ এক্স হেণ্ডেল পৰীক্ষা কৰাত ২৩ জানুৱাৰী ২০২৪ তাৰিখে পোষ্ট কৰা এটা পিন-পোষ্ট দেখিবলৈ পাও।
এই পোষ্টটোত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা এক প্ৰেছ বিবৃতিযোগে জনোৱা হৈছে যে – “দিল্লীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা ১৯/০১/২০২৪ তাৰিখৰ পত্ৰ অনুসৰি ১৬/০৪/২০২৪ তাৰিখটো লোকসভা নিৰ্বাচন ২০২৪ ৰ দিন হিচাপে ঘোষণা কৰা বুলি চলা প্ৰচাৰ সন্দৰ্ভত স্পষ্টীকৰণ”। তেওঁলোকে লগতে উল্লেখ কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰাকক্ষণত নিৰ্বাচন সম্পৰ্কীয় বৃহৎ সংখ্যক কাম-কাজৰ পৰিকল্পনা আৰু সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। নিৰ্বাচন পৰিকল্পনাকাৰীয়ে এনে সকলো গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপ তালিকাভুক্ত কৰে আৰু সেই কাৰ্য্যকলাপসমূহ আৰম্ভ আৰু সম্পূৰ্ণ কৰিবলৈ এটা কাল্পনিক ভোটদান তাৰিখৰ উল্লেখ কৰি আৰম্ভণিৰ তাৰিখ আৰু শেষ তাৰিখ প্ৰদান কৰে।
যিহেতু, বেছিভাগ কামেই সকলো জিলা নিৰ্বাচনী বিষয়া/ৰিটাৰ্নিং বিষয়াৰ পৰ্যায়ত গ্ৰহণ কৰিব লাগে, যাতে তেওঁলোকক সংবেদনশীল কৰি কামবোৰ সময়মতে আৰম্ভ আৰু সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব পাৰি কাৰণ নিৰ্বাচনী পৰিকল্পনাকাৰী, চিইঅ’ দিল্লীৰ কাৰ্যালয়ে এখন পত্ৰ জাৰি কৰিছিল, আৰু সকলো জিলা নিৰ্বাচনী বিষয়াক দিয়া হৈছিল। ইয়াৰ উদ্দেশ্য আছিল ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সৈতে জড়িত কাৰ্য্যকলাপসমূহৰ আগতীয়া পৰিকল্পনা, প্ৰস্তুতি আৰু সম্পূৰ্ণ কৰাৰ বাবে ১৬.০৪.২০২৪ তাৰিখক এক সাম্ভাৱ্য ভোটগ্ৰহণৰ তাৰিখ হিচাপে উল্লেখ কৰা।
লগতে তেওঁলোকে উল্লেখ কৰে যে এই সকলো প্ৰয়োজনীয় দিশ সময়মতে সম্পাদন হৈ উঠাৰ পাছতহে ভাৰতীয় নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।
ইফালে, দিল্লীৰ নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা কৰা আন এক টুইটযোগেও এই কথা উল্লেখ কৰা হৈছে যে সেয়া কেৱল বিষয়াসকলক নিৰ্ধাৰিত সময়ত কাম সম্পাদন কৰিবলৈ দিয়া নিৰ্দেশৰ বাবে ধাৰ্য কৰা এটা সম্ভাব্য দিন হে।
ইয়াৰ পিছত আমি কী-ৱৰ্ড ছাৰ্ছ কৰোতে দেশৰ ভালেমান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে এই বাতৰি পৰিৱেশন কৰা দেখিবলৈ পাও। The Economic Times, The Times of India, Hindustan Times, NDTV, Mint আদিয়ে এই বাতৰি পৰিৱেশন কৰিছে।
অহা ১৬ এপ্ৰিল ২০২৪ ত ভাৰতত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰা নাই। নিৰ্বাচনী প্ৰস্তুতিৰ বাবে সাজু হ’বৰ বাবে গ্ৰহণ কৰা এয়া এক আভ্যন্তৰীণ বিষয়ক তাৰিখহে। নিৰ্বাচন আয়োগে সাধাৰণ নিৰ্বাচনৰ তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।
Our Sources:
1. Post by Ceo Delhi Office, dated 23rd Jan, 2024
2. Report by Economic Times, dated 24th Jan, 2024
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।