Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
ৰাজহুৱা স্থানত অমাৰ্জিত পোছাক পৰিধানৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল উৰ্ফি জাভেদ।
Fact
উৰ্ফি জাভেদক অমাৰ্জিত পোছাক পৰিধানৰ বাবে গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে। ভাইৰেল ভিডিঅ’ এক নতুনকৈ মুকলি হোৱা পোছাক ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে কৰা পৰীক্ষামূলক উপস্থাপন।
কিম্ভুত কিমাকাৰ সাজ-পোছাক পৰিধান কৰি ৰাজহুৱা স্থানৰ লগতে ছ’চিয়েল মিডিয়াত সদায়ে চৰ্চাত থকা বিতৰ্কিত ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ উৰ্ফি জাভেদৰ এটা ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো আনকি অসমৰ ভালেমান আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানেও প্ৰচাৰ কৰিছে। ভিডিঅ’টোৰ সৈতে দাবী কৰা হৈছে যে আৰক্ষীয়ে উৰ্ফি জাভেদক ৰাজহুৱা স্থানত অমাৰ্জিত পোছাক পৰিধান কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছে। এই সংবাদ প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

একেই দাবীৰে আন ভালেমান অসমীয়া সংবাদ প্ৰতিষ্ঠানেও বাতৰি পৰিৱেশন কৰিছে। সেইবোৰ ক্ৰমে ইয়াত, ইয়াত , ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
ইয়াৰ উপৰিও ভালেমান ছ’চিয়েল মিডিয়া ইউজাৰেও এই ভিডিঅ’ একেধৰণৰ দাবীৰেই প’ষ্ট কৰিছে। তাৰ ভিতৰত একাংশই এই কথা দাবী কৰিছে যে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰগৰাকীক ‘মুম্বাই আৰক্ষীয়ে ৰাজহুৱা স্থানত অশালীন কাপোৰ পিন্ধাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল’।
পিছে নিউজচেকাৰৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল ভিডিঅ’টো প্ৰকৃততে এটা স্ক্ৰিপ্টেড ভিডিঅ’ আছিল।
নিউজচেকাৰে এই ভাইৰেল ভিডিঅ’ৰ সত্যতা জানিবৰ বাবে অনুসন্ধান আৰম্ভ কৰি পোনপ্ৰথমে ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰে। ইয়াতেই আমি দেখিবলৈ পাও যে এই ভিডিঅ’টোত উৰ্ফি জাভেদক উঠাই লৈ যোৱা আৰক্ষীৰ দলটোৱে এখন ক’লা ৰঙৰ স্ক’ৰ্পিঅ’ গাড়ী ব্যৱহাৰ কৰিছে আৰু গাড়ীখনৰ নম্বৰ MH 02 BM 2448.

আমি লগে লগে M Parivahan এপ্পত ইয়াৰ সবিশেষ জানিবলৈ বিচৰাত নিম্নোক্ত তথ্য লাভ কৰো।

ইয়াৰ পিছত আমি গুগল চাৰ্ছ কৰোতে জনপ্ৰিয় বাতৰি কাকত দৈনিক জাগৰণৰ এটা প্ৰতিবেদন লাভ কৰো। এই বাতৰি অনুসৰি ভাইৰেল হোৱা ভিডিঅ’টো ভুৱা। এই প্ৰতিবেদনতে উল্লেখ কৰা অনুসৰি ভাইৰেল ভিডিঅ’টোৰ পিছৰ অংশ উৰ্ফি জাভেদে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰকাশ কৰিছে।

বাতৰিত লিখা হৈছে যে শুক্ৰবাৰে সন্ধিয়া, উৰ্ফি জাভেদে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত, উৰ্ফিক কাৰাগাৰৰ ভিতৰত দেখা গৈছে। অৱশ্যে এয়া প্ৰকৃত কাৰাগাৰ নহয় বা অভিনেত্ৰী এগৰাকী বন্দীও নহয়। উৰ্ফি জাভেদৰ এই ভিডিঅ’টো এটা প্ৰচাৰমূলক ভিডিঅ’হে, যাক উৰ্ফিয়ে এটা বিখ্যাত কাপোৰ কোম্পানীৰ বাবে দৃশ্যগ্ৰহণ কৰিছে। এই ভিডিঅ’টোত, উৰ্ফি জাভেদক বিভিন্ন প্ৰকাৰৰ পোছাকত দেখা গৈছে। এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত, সকলোৱে বুজি পাইছে যে উৰ্ফি জাভেদৰ গ্ৰেপ্তাৰৰ ভিডিঅ’টো সম্পূৰ্ণৰূপে ভুৱা আছিল আৰু ই কেৱল এটা প্ৰচাৰ ষ্টান্ট।
এইবাৰ আমি এই কথাৰ সত্যতা জানিবৰ বাবে উৰ্ফি জাভেদৰ ইনষ্টাগ্ৰাম হেণ্ডেল পৰীক্ষা কৰো, য’ত এই কথাৰ সত্যতা আমি জানিবলৈ সক্ষম হও।

ইয়াৰ পিছত আমি চলোৱা অনুসন্ধানত মুম্বাই আৰক্ষীৰ এটা টুইট আমি লাভ কৰো। এই টুইটটোত মুম্বাই আৰক্ষীয়ে উল্লেখ কৰিছে, “মুম্বাই আৰক্ষীয়ে অশ্লীলতাৰ বাবে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা ভিডিঅ’টো সঁচা নহয়। মুম্বাই আৰক্ষীৰ ইনচানিয়া আৰু ইউনিফৰ্মৰ অপব্যৱহাৰ কৰা হৈছে।” মুম্বাই আৰক্ষীয়ে লগতে উল্লেখ কৰিছে যে এই বিভ্ৰান্তিকৰ ভিডিঅ’টোত জড়িতসকলৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰো ৰুজু কৰা হৈছে, ওশিৱাৰা আৰক্ষী থানাত ধাৰা 171, 419, 500, 34 আইপিচিৰ অধীনত।
ইফালে আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান দ্য ইক’ন’মিক টাইমছে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি এই প্ৰতাৰণামূলক ভিডিঅ’টোত দেখা লোকসকল বিৰুদ্ধে ১৭১, ৪১৯, ৫০০, ৩৪ আইপিচি ধাৰাত অছিৱাৰা থানাত অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। এই সংক্ৰান্তত অধিক তদন্ত চলি আছে, আৰু ভুৱা পৰিদৰ্শকৰ চৰিত্ৰত অভিনয় কৰা মহিলাগৰাকীক আটক কৰা হৈছে।
উল্লেখ্য যে ঘটনাৰ লগত জড়িত বাহনখনো জব্দ কৰা হৈছে। ১৭১ নং ধাৰাত “প্ৰৱঞ্চনামূলক উদ্দেশ্যেৰে ৰাজহুৱা সেৱকে ব্যৱহাৰ কৰা সাজ-পোছাক পিন্ধা বা টোকেন বহন কৰাটো” জড়িত হৈ আছে, আনহাতে ৪১৯ নং ধাৰাত ব্যক্তিত্বৰ জৰিয়তে প্ৰতাৰণা কৰা বিষয়টো জড়িত।

আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ভাইৰেল ভিডিঅ’ৰ আধাৰত পৰিৱেশন কৰা বাতৰি ভুৱা। উৰ্ফি জাভেদক অশালীন পোছাক পৰিধান কৰাৰ বাবে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। বাতৰিৰ সৈতে কৰা দাবী সম্পূৰ্ণৰূপে ভুৱা।
Our Sources:
1. Tweet by Mumbai police, dated November 3, 2023
2. Report published by Dainik jagran, Dated November 3, 2023
3. Instagram post by Urfi Javed
4. Report by The Economic Times, Dated November 3, 2023
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।