Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
শিক্ষাসেঁতু এপ্প স্থগিত, তাৎক্ষণিক সিদ্ধান্তক লৈ শিক্ষামন্ত্ৰীক কৃতজ্ঞতা অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ।
Fact
বাতৰি কাকতক প্ৰকাশ পোৱা প্ৰতিবেদন ভুৱা। শিক্ষাসেঁতু এপ্প বন্ধ হোৱা নাই। আনকি এপ্প বন্ধ হোৱাৰ বাবে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষামন্ত্ৰীক কৃতজ্ঞতাও জনোৱা নাই। শিক্ষাসেঁতু বিসংগতি তাৎক্ষণিকভাৱে আঁতৰোৱাৰ বাবেহে শিক্ষামন্ত্ৰীক কৃতজ্ঞতা জনাইছিল শিক্ষক সন্থাই।
অসমৰ বিদ্যালয়সমূহৰ শিক্ষক – কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ তথ্যকে ধৰি সকলো আনুষঙ্গিক তথ্য সংগ্ৰহৰ বাবে আৰম্ভ কৰা শিক্ষা সেঁতু অসম সাময়িকভাৱে স্থগিত কৰা বুলি শেহতীয়াকৈ এটা বাতৰি প্ৰকাশ পাইছে। অসমৰ আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকত ‘নিয়মীয়া বাৰ্তা’ৰ ১৩ ছেপ্তেম্বৰ, ২০২৩ সংখ্যাৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ পোৱা এই বাতৰিটোত উল্লেখ কৰা হৈছে যে অসম চৰকাৰে সাময়িকভাৱে স্থগিত ৰাখিছে শিক্ষাসেঁতু এপ্প। আৰু ইয়াকে লৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ।
“শিক্ষাসেতু এপ স্থগিত। তাৎক্ষণিক সিদ্ধান্তক লৈ শিক্ষামন্ত্ৰীক কৃতজ্ঞতা
১২ ছেপ্টেম্বৰ : শিক্ষাসেঁতু এপ্প সাময়িকভাবে স্থগিত ৰখাৰ ক্ষেত্ৰত লোৱা তাৎক্ষণিক সিদ্ধান্তৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই। আজি এক বিবৃতিযোগে সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্র কলিতাই চৰকাৰে শিক্ষকসকলৰ সমস্যা সন্দৰ্ভত গুৰুত্ব দিয়াৰ বাবে সন্তোষ প্রকাশ কৰে। সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই আজি এই সন্দৰ্ভত কয় যে শিক্ষা সেতু এপ প্রয়োগৰ ক্ষেত্ৰত দেখা দিয়া কিছু বিসংগতি সন্দৰ্ভত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সভাই এপটো সাময়িকভাবে স্থগিত তথ্য যথোপযুক্ত ব্যবস্থা গ্রহণৰ বাবে শিক্ষামন্ত্রী, শিক্ষা সচিবৰ ওচৰত আবেদন জনাইছিল।”

নিউজচেকাৰে এই বাতৰিৰ সত্যতা জানিবৰ বাবে পোনপ্ৰথমেই শিক্ষা সেতু অসমৰ ৱেবছাইট আৰু মোবাইল এপ্প খুলি চাও। ইয়াত দেখিবলৈ পাও যে ৱেবছাইট আৰু মোবাইল এপ্প দুয়োটাই সক্ৰিয় অৱস্থাত আছে।

ইয়াৰ পিছতেই আমি অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অফিচিয়েল এক্স (পূৰ্বে টুইটাৰ) প্ৰ’ফাইল পৰীক্ষা কৰোতে লাভ কৰো মাজনিশা পোষ্ট কৰা এটা বাৰ্তা। য’ত শিক্ষামন্ত্ৰীগৰাকীয়ে এই বাতৰি মিছা বুলি উল্লেখ কৰিছে। শিক্ষামন্ত্ৰীয়ে লিখিছে – This is a false news. A rumour has been spread by people with a vested interest that Shiksha Setu App has been stopped. There is no such decision and the Shiksha Setu App is live and all schools, teachers and other staff are required to comply. (এয়া এক ভুৱা খবৰ। শিক্ষা সেতু App বন্ধ কৰা বুলি এক উৰাবাতৰি প্ৰচাৰ কৰিছে ন্যস্ত স্বাৰ্থৰ লোকে। তেনে কোনো সিদ্ধান্ত নাই আৰু শিক্ষা সেতু এপটো এতিয়াও চলি আছে আৰু সকলো বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীয়ে এয়া মানি চলিব লাগিব।)
পোষ্টটো ইয়াত ক্লিক কৰি চাব পাৰিব।

একেই পোষ্ট মন্ত্ৰীগৰাকীৰ ফে’চবুক পেজৰ পৰাও শ্বেয়াৰ কৰা হৈছে। সেয়া ইয়াত ক্লিক কৰি চাব পাৰিব।

ইয়াৰ পিছতে আমি অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সৈতে যোগাযোগ কৰিছিলো এই বাতৰিৰ সত্যতা জানিবৰ বাবে। এই সন্দৰ্ভত Newschecker ক সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই আক্ষেপ প্ৰকাশ কৰি কয় – আমি শিক্ষা সেঁতু এপ্প বন্ধ কৰা নকৰাক লৈ কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাছিলো। আমি বাতৰি কাকতলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰি শিক্ষা সেঁতু অসম এপ্পৰ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া বিসংগতি সম্পৰ্কত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষামন্ত্ৰী আৰু সচিব, স্কুল শিক্ষা বিভাগৰ নাৰায়ণ কোৱৰৰ ওচৰত জনোৱা আবেদনৰ প্ৰতি সহাৰি জনাই শিক্ষা বিভাগে তৎকালীন পদক্ষেপ গ্ৰহণ কৰা কাৰ্যত সন্তোষহে প্ৰকাশ কৰিছিলো। কিন্তু এখন বাতৰি কাকতে (নিয়মীয়া বাৰ্তা) আমাৰ মন্তব্যক বিৰূপ ৰূপত উপস্থাপন কৰি এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।
শিক্ষক সন্থাটোৱে বাতৰি কাকতলৈ প্ৰেৰণ কৰা প্ৰকৃত প্ৰেছ বিবৃতিটো আছিল এনেধৰণৰ –
“১২/০৯/২০২৩-শিক্ষাসেতু এপ প্ৰয়োগৰ ক্ষেত্ৰত দেখা দিয়া কিছু বিসংগতি সম্পৰ্কত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই সাময়িক ভাৱে স্থগিত তথা যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষামন্ত্ৰী আৰু সচিব,স্কুল শিক্ষা বিভাগৰ নাৰায়ণ কোৱৰৰ ওচৰত জনোৱা আবেদনৰ প্ৰতি সহাৰি জনাই শিক্ষা বিভাগে তৎকালীন পদক্ষেপ গ্ৰহণ কৰা কাৰ্যত সন্থাৰ সভাপতি মকিবৰ ৰহমান আৰু সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই সন্তোষ প্ৰকাশ কৰিছে । মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱা ১০ ছেপ্টেম্বৰত বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু কিছু সংখ্যক বিদ্যালয় প্ৰধানৰ উপস্থিতিত অনুষ্ঠিত কৰা অনলাইন সভাত অন্যান্য বিষয়ৰ লগতে এই বিষয়টো আগস্থান দি অতি গুৰুত্ব সহকাৰে আলোচনা কৰি শিক্ষাসেতু এপটো কিছু ক্ষেত্ৰত সংস্কৰণ কৰি সকলোৰে বাবে সহজসাধ্য কৰি তোলা হ’ব বুলি সভাত জানিবলৈ দিয়ে । সেই মৰ্মে আজি সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক ডাঙৰীয়াই কামৰূপ মহানগৰ জিলাৰ অধিবিদ্যা পৰিষদৰ বিষয়ববীয়া আৰু কেইগৰাকীমান বিদ্যালয় প্ৰধানৰ সৈতে মিলিত হৈ এই এপটোৰ কাৰ্যকাৰিতা আৰু ভবিষ্যতে কৰিবলগীয়া সংস্কৰণ সম্পৰ্কত বিতং আলোচনাত মিলিত হয় । অতি সোনকালে শিক্ষাসেতু এপটোৱে সকলোৰে বাবে গ্ৰহণযোগ্য আৰু কাৰ্যকৰী হৈ উঠিব বুলি সন্থাৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ কলিতাই গভীৰ আশা প্ৰকাশ কৰিছে । লগতে তেখেতে এই এপটো সম্পূৰ্ণ কাৰ্যকৰী হৈ উঠিলে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি গ্ৰহণৰ উপৰিও তেওঁলোকৰ সকলো ধৰণৰ তথ্য এই এপৰ জৰিয়তে উপলব্ধ হোৱাৰ লগতে ভবিষ্যতে ছাত্রছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনৰ বিভিন্ন স্তৰত ই সহায়ক হৈ উঠিব বুলি আশা ব্যক্ত কৰে ।
গোবিন্দ চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা”

নিউজচেকাৰৰ অনুসন্ধানত বাতৰি কাকতৰ প্ৰতিবেদনত উল্লেখ কৰা দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সিক্ষা সেঁতু অসম এপ্প বন্ধ হোৱা নাই। এয়া সম্পূৰ্ণ মিছা।
Sources:
1. X & Facebook Page – Dr. Ranoj Pegu (Education Minister, Assam)
2. Shiksha Setu Axom Website
3. Niyomiya Barta
4. Govinda Chandra Kalita, GS, Teachers Association
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।