Friday, March 14, 2025

Fact Check

Fact Check: ৫ মিনিটত পিঠিৰ বিষ উপশম কৰা কাইৰোপ্ৰেক্টিক চিকিৎসাৰ দাবী বিভ্ৰান্তিকৰ

Written By Rangman Das, Edited By Chayan Kundu
Dec 7, 2023
banner_image

Claim
কাইৰোপ্ৰেক্টিক চিকিৎসাৰ দ্বাৰা মাত্ৰ পাঁচ মিনিটত পিঠিৰ বিষৰ পৰা উপশম লাভ কৰিব পাৰি।

Fact
এই দাবীটো বিভ্ৰান্তিকৰ। পিঠিৰ সকলোধৰণৰ বিষ মাত্ৰ পাঁচ মিনিটত নিৰাময় কৰিব নোৱাৰি।

ৰাজনীশ কান্ত নামৰ এটা ফে’চবুক পেজৰ এটা পোষ্টত দাবী কৰা হৈছে যে কাইৰোপ্ৰেক্টিক চিকিৎসাৰে মাত্ৰ পাঁচ মিনিটতে কঁকালৰ বিষ নাইকিয়া কৰিব পাৰি। এই পেজত চিকিৎসাৰ বহু ভিডিঅ’ ক্লিপ পোষ্ট কৰা হৈছে, যাৰ জৰিয়তে দেখুৱাওৱা হৈছে যে কাইৰোপ্ৰেক্টিক চিকিৎসাৰ দ্বাৰা বহু লোকৰ বিষ মাত্ৰ পাঁচ মিনিটতে নাইকিয়া হৈ গৈছে। এই সকলোবোৰ ভিডিঅ’ৰ কেপচনত লিখা আছে, “মাত্ৰ পাঁচ মিনিটতে বিষ কেনেকৈ নাইকিয়া হয়”। কিন্তু আমাৰ তদন্তত আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি পাইছিলোঁ। সকলো ধৰণৰ কঁকালৰ বিষৰ চিকিৎসা মাত্ৰ পাঁচ মিনিটতে কৰিব নোৱাৰি।

কাইৰোপ্ৰেক্টিক কি?

আমেৰিকা চৰকাৰৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ অফিচিয়েল ৱেবছাইট অনুসৰি কাইৰোপ্ৰেকটিক হৈছে এক অনুজ্ঞাপত্ৰপ্ৰাপ্ত স্বাস্থ্যসেৱা বৃত্তি, যিয়ে শৰীৰৰ নিজকে সুস্থ কৰাৰ ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই চিকিৎসাত সাধাৰণতে হাতেৰে চিকিৎসা কৰা হয়। আন আন পদ্ধতি যেনে ব্যায়াম আৰু পৰিপুষ্টিৰ পৰামৰ্শও এই চিকিৎসাত অন্তৰ্ভুক্ত কৰা হৈছে।

Fact Check/Verification

আমাৰ তদন্তৰ আৰম্ভণিতে আমি ৰজনীশ কান্তৰ ফেচবুক পেজ পৰীক্ষা কৰিলোঁ। আমি দেখিলোঁ যে ১২ লাখ ফ’ল’ৱাৰ থকা এই পেজত প্ৰতিদিনে কঁকালৰ বিষৰ চিকিৎসাৰ ভিডিঅ’ পোষ্ট কৰা হয়। আমি এইটোও দেখিলোঁ যে এই ভিডিঅ’বোৰৰ দৰ্শক বহুত, কাৰণ এই ভিডিঅ’ৰ সৈতে লিখা দাবীটোৱে যেন কিবা এটা অলৌকিকতা কথা উল্লেখ কৰে। সেয়া হৈছে – “মাত্ৰ পাঁচ মিনিটতে বিষ নাইকিয়া হৈ যায়।” “হাঁহি এটাৰ মাজেৰেই বিষ নাইকিয়া হৈ যায়।” এই কেপচনবোৰ পঢ়াৰ পিছত স্পষ্ট হৈ পৰে যে এইবোৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে লিখা হৈছে।

তদন্ত আৰম্ভ কৰিয়েই নিউজচেকাৰে প্ৰথমে কাইৰোপ্ৰেক্টৰ ৰজনীশ কান্তৰ মুম্বাই ক্লিনিকৰ সৈতে যোগাযোগ কৰে। এই দাবীৰ বিষয়ে যেতিয়া আমি ৰজনীশ কান্তৰ মুম্বাই ক্লিনিক পৰিচালনা কৰা শকেন্দ্ৰ গুপ্তাৰ সৈতে কথা পাতিছিলো, তেতিয়া তেওঁ আমাক জনাইছিল যে “ৰজনীশ কান্তৰ ক্লিনিকত ভিজিটৰ বাবে কমেও তিনিদিনৰ বাবে এপইণ্টমেণ্ট লোৱা হয়।” তেওঁ আৰু কয় যে “সেই তিনিদিনত হয় চিকিৎসা কৰা হয় নহয় চিকিৎসা পৰৱৰ্তী ছেছনৰ বাবে সময় দিয়া হয়।” “অৱশ্যে এইটো বিষৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে।” তেতিয়া আমি যেতিয়া তেওঁক সুধিলোঁ যে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত কিয় ‘মাত্ৰ পাঁচ মিনিটতে কঁকালৰ বিষৰ পৰা সকাহ’ বুলি দাবী কৰা হৈছে, তেওঁ কয়, “হয়তো এই ভিডিঅ’টো চিকিৎসাৰ শেষৰ দিনটোৰ ছেছনত প্ৰস্তুত কৰা হৈছিল।” এই আলোচনাৰ পৰা স্পষ্ট হৈ পৰে যে ভিডিঅ’টোৰ কেপচনত কৰা দাবী সঁচা নহয়।

আমাৰ তদন্ত আগুৱাই লৈ গৈ আমি ৰজনীশ কান্তৰ সৈতে যোগাযোগ কৰিলোঁ। আমাৰ টেলিফোনিক বাৰ্তালাপত আমি তেওঁক সুধিলোঁ, “চিকিৎসাৰ বাবে মাত্ৰ পাঁচ মিনিট সময়ৰ প্ৰয়োজন সঁচা নেকি?” ইয়াৰ উত্তৰত তেওঁ আমাক জনায়, “নহয়, এয়া চিকিৎসাৰ ওপৰত নিৰ্ভৰ কৰে আৰু ৰোগীৰ কি সমস্যা তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি কাৰোবাৰ সমস্যা স্বাভাৱিক হয় তেন্তে পাঁচৰ পৰা দহ মিনিটৰ মাত্ৰ এটা এডজাষ্টমেণ্টতে ৰোগীয়ে সকাহ পায়। কাৰোবাৰ সমস্যা যদি গুৰুতৰ হয় তেন্তে তিনি-চাৰিবাৰ আহিব লাগে। কোনোবাই পঞ্চমবাৰৰ বাবেও আহিব লাগিব, পিছে একোটা ছেছন মাত্ৰ দহ-পোন্ধৰ মিনিটৰ।”

আমি পুনৰ তেওঁক সুধিছিলো, “পাঁচ মিনিটৰ ভিতৰত সকলো প্ৰকাৰৰ কঁকালৰ বিষ ভাল হ’বনে?” ইয়াৰ উত্তৰত ৰাজনীশ কান্তে কয়, “যদি সমস্যাটো সৰু হয় তেন্তে এডজাষ্টমেণ্টত পাঁচ-দহ মিনিট সময় লাগে আৰু ৰোগীজন ভাল হৈ যায়।” কিন্তু বহুতো এনে সমস্যা আছে যিবোৰৰ চিকিৎসা অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয়।”

এই দাবীৰ সম্পূৰ্ণ তথ্য পাবলৈ আমি পঞ্জাৱৰ জ্ঞানসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অৰ্থপেডিক বিভাগৰ ডাঃ পাৰিক দেৱৰ সৈতে কথা পাতিলোঁ। ডাঃ পাৰিক দেৱে আমাক জনায় যে “কঁকালৰ বিষৰ সম্পূৰ্ণ চিকিৎসাৰ বাবে সপ্তাহৰ পৰা মাহ দিন সময় লাগে। কঁকালৰ বিষ এটা অতি বিশাল শব্দ। পাঁচ মিনিটত ইয়াৰ চিকিৎসা কৰিব নোৱাৰি। প্ৰাৰম্ভিক ধৰণৰ কঁকালৰ বিষ পেশী টনাৰ ফলত হয়, যেনে যেতিয়া কোনোবাই বেঁকা হ’বলৈ চেষ্টা কৰে আৰু কঁকালত চাপ পৰে। এদিন বা দুদিন জিৰণি ল’লে বা গৰম পেক অথবা আইচিং দিলে ভাল হয়। কাৰণ ইয়াৰ লগত কোনো পেথ’লজী জড়িত নহয় আৰু কোনো আঘাতো নাই। কিন্তু যদি ইয়াৰ লগত পেথ’লজী জড়িত হৈ থাকে, সেয়া স্নায়ুৰেই হওক, পেশীৰ হওক বা হাড়ৰেই হওক, তেন্তে ইয়াৰ চিকিৎসাত সময় লাগিব। সেয়েহে মাত্ৰ পাঁচ মিনিটতে কঁকালৰ বিষ ভাল হ’ব বুলি কোৱা কথাটো সঁচা নহয়।”

Conclusion

আমাৰ অনুসন্ধানৰ পৰা লাভ কৰা তথ্য অনুসৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো বিভ্ৰান্তিকৰ। যিজন ব্যক্তিৰ ওপৰত এই দাবীৰ উদ্ধৃতি দিয়া হৈছে তেওঁও স্বীকাৰ কৰিছে যে সকলোধৰণৰ কঁকালৰ বিষৰ চিকিৎসা পাঁচ মিনিটত কৰিব নোৱাৰি।

Result: Missing Context

Our Sources
1. Information from official website of U.S department of health and human services
2. Conversation with Chiropractic Rajneesh Kant and his clinic staff
3. Conversation with Orthopedic Surgeon Dr. Parek Dev


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
No related articles found
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,430

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.