Sunday, March 23, 2025
অসমীয়া

Fact Check

FactCheck: চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰ’ৰ ছবি প্ৰকৃত নহয়, ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা ছবি ভাইৰেল

banner_image

Claim
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে ছাপ বহুৱালে অশোক স্তম্ভ আৰু ইছৰোৰ প্ৰতীকৰ

Fact
চন্দ্ৰপৃষ্ঠত অশোক স্তম্ভ আৰু ইছৰোৰ ল’গ’ৰ ছাপ ফটোশ্বপৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে, এয়া চন্দ্ৰপৃষ্ঠৰ ছবি নহয়। এগৰাকী শিল্পীয়ে চন্দ্ৰযানৰ সফলতাৰ শুভেচ্ছা হিচাপে প্ৰস্তুত কৰিছিল এই ছবি।

২০২৩ চনৰ ২৩ আগষ্টত চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ পিছতে সমগ্ৰ বিশ্বজুৰি ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান চমুকৈ ইছৰোৱে শুভেচ্ছা লাভ কৰিছে। উল্লেখ্য যে চন্দ্ৰযান ৩ ৰ বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ পিছতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। কেৱল সেয়াই নহয়, চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপেও পৰিগণিত হৈছে ভাৰত।

ইয়াৰ পিছতে চন্দ্ৰপৃষ্ঠত Indian Space Research Organization ৰ logo আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ ছাপ থকা এখন ছবি ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। নিউজচেকাৰৰ নিজস্ব অনুসন্ধানত এই ছবিখন ফটোশ্বপৰ মাধ্যমেৰে প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। তদুপৰি ইছৰোৱে এনেধৰণৰ কোনো ছবি এই পৰ্যন্ত প্ৰকাশ কৰা নাই।

এই প্ৰসংগত ছাপটোৰ ছবি ভাইৰেল হৈ পৰিছে। ফে’চবুকত এটা কেপচনত লিখা আছে, “চন্দ্ৰতো ভাৰতৰ বিক্ৰম’ অৰ্থাৎ ভাৰতৰ বিক্ৰম লেণ্ডাৰৰ উপস্থিতি চন্দ্ৰত খোদিত হৈছে।” একেটা বিভ্ৰান্তিকৰ দাবীৰে এক্স আৰু ফে’চবুকতো অন্যান্য ব্যৱহাৰকাৰীসকলে শ্বেয়াৰ কৰিছে।

Courtesy: X @Pushpendra Kulshrestha

পোষ্টটো চাবলৈ ইয়াত ক্লিক কৰক।

Fact Check/Verification

নিউজচেকাৰে পোনপ্ৰথমে ভাইৰেল হোৱা এই ছবিখন ভালদৰে চোৱাত ছবিখৰনৰ নিম্নাংশত এটা নাম দেখিবলৈ পায় – ‘Krishanshu Garg’.

ইয়াৰ পিছতে এই ব্যক্তিগৰাকীকৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইল পৰীক্ষা কৰি আমি জানিবলৈ সক্ষম হৈছো যে তেওঁ এই ছবিখন শ্বেয়াৰ কৰি লিখিছে, “Can’t wait for this! 🌕🇮🇳”

Courtesy: Krishanshu Garg, X Profile

ইয়াৰ পিছতে আমি কৃষ্ণাংশু গাৰ্গৰ সৈতে যোগাযোগ কৰো। নিউজচেকাৰক শিল্পীগৰাকীয়ে এইদৰে জনায় –
Everyone has been excited about Chandrayaan-3 this time. People had made artwork of VL already landed on moon to wish ISRO All the Best. I thought out of the box and made an edit of the imprints that Pragyan Rover will leave behind as confirmed by ISRO and used it just as a countdown for Landing and A tweet with “Can’t wait for this”.

My motive was never to spread any sort of fake news I posted the countdown story 10 hours before the landing but I don’t know how people spread it as real image after landing. Even I’m shocked. I made it using Photoshop, I’m a space enthusiast from Lucknow.

(এইবাৰ চন্দ্ৰযান-৩ক লৈ সকলোৱে উৎফুল্লিত হৈ পৰিছিল। সকলোৱেই ইতিমধ্যে ইছৰোক শুভেচ্ছা জনাই চন্দ্ৰত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ বিভিন্ন আৰ্টৱৰ্ক বনাইছিল। ময়ো অলপ বেলেগধৰণে শুভেচ্ছা দিয়াৰ মানসেৰে ইছৰ’ই নিশ্চিত কৰা অনুসৰি প্ৰজ্ঞান ৰভাৰে এৰি থৈ যোৱা ছাপবোৰ সম্পাদনা কৰিলোঁ আৰু ইয়াক কেৱল লেণ্ডিঙৰ কাউণ্টডাউন হিচাপে ব্যৱহাৰ কৰিলোঁ আৰু “এইটোৰ বাবে অপেক্ষা কৰিব নোৱাৰো” বুলি টুইট এটা কৰিলোঁ।

কেতিয়াও কোনো ধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰাৰ উদ্দেশ্য মোৰ নাছিল আৰু এই ষ্টৰীটো মই চন্দ্ৰযান ৩ অৱতৰণৰ ১০ ঘণ্টা আগতে পোষ্ট কৰিছিলো। কিন্তু লেণ্ডিঙৰ পিছত মানুহে কেনেকৈ প্ৰকৃত ইমেজ হিচাপে ইয়াক প্ৰচাৰ কৰিলে নাজানো। আনকি মইও ইয়াক লৈ আশ্বৰ্যচকিত হৈ পৰিছো। ইয়াক মই ফটোশ্বপ ব্যৱহাৰ কৰি বনাইছিলো। মই লক্ষ্ণৌৰ এজন মহাকাশ অনুৰাগী।)

আনহাতে, ২০২৩ চনৰ ১৪ জুলাইত গুজৰাটৰ গৃহমন্ত্ৰী হৰ্ষ সংঘৱীৰ এটা পোষ্টত দেখিবলৈ পোৱা গৈছে যে প্ৰজ্ঞানৰ চকাত ৰাষ্ট্ৰীয় প্ৰতীক আৰু ইছৰ’ৰ ল’গ’ ছপা আছে।

Courtesy: Harsh Sanghavi, X Profile

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি ইছৰোৰ এক্স (পূৰ্বে টুইটাৰ) প্ৰ’ফাইল বিচাৰ-খোচাৰ কৰো আৰু বিক্ৰম লেণ্ডাৰে প্ৰেৰণ কৰা ফটো লাভ কৰো। তলত দুয়োখন ফটোৰ পাৰ্থক্য দেখিবলৈ পোৱা গৈছে –

সামৰণি

ভাইৰেল হোৱা ছবিখন চন্দ্ৰপৃষ্ঠৰ নহয়, বৰঞ্চ এয়া এগৰাকী মহাকাশ অনুৰাগীয়ে ফটোশ্বপৰ মাধ্যমেৰে প্ৰস্তুত কৰা ছবিহে।

Result: False

Source

Responses by Krishanshu Garg on his Twitter page @KrishanshuGarg
Tweet by Gujarat Minister Harsh Sanghavi, dated July 14, 2023
Responses by Krishanshu Garg to Newschecker


যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।

image
আপুনি যদি কোনো দাবীৰ সত্যতা যাচাই কৰিব বিচাৰে, প্ৰতিক্ৰিয়া দিব বিচাৰে বা অভিযোগ দাখিল কৰিব বিচাৰে, তেন্তে আমাক WhatsApp কৰক +91-9999499044 অথবা আমাক ইমেল কৰক checkthis@newschecker.in​. আপুনি যোগাযোগ কৰিব আৰু ফৰ্ম পূৰণ কৰিব পাৰে।
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
Newchecker footer logo
About Us

Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check

Contact Us: checkthis@newschecker.in

17,500

Fact checks done

FOLLOW US
imageimageimageimageimageimageimage
Copyright © 2022 NC Media Pvt. Ltd. All Rights Reserved.
cookie

আমাৰ ওয়েবচাইটটো কুকিজসমূহ ব্যৱহাৰ কৰে

আমি কুকিজ আৰু সমান প্ৰযুক্তি ব্যৱহাৰ কৰি সামগ্ৰীকোঠাম, বিজ্ঞাপন বানাই আৰু মাপাব লাগিব, আৰু এটা শ্ৰেষ্ঠ অভিজ্ঞান দিব লাগিব সহায় কৰিম। 'ঠিক আছে' ক্লিক কৰি বা কুকি পছন্দৰত এটা অপশন চালু কৰি, আপুনি এইয়াৰে সম্মত হৈছে, যেতিয়া আমাৰ কুকি নীতিত বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে।