Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
উদ্যোগপতি ৰতন টাটাই আফগানিস্তানৰ ক্ৰিকেটাৰ ৰছিদ খানৰ জৰিমনা নিজে পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে
Fact
পাকিস্তানৰ সৈতে খেলখনৰ পিছত আফগান ক্ৰিকেটাৰ ৰছিদ খানে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা নাছিল, আৰু ইয়াৰ বাবে আইচিচিয়ে তেওঁক জৰিমনাও বিহা নাছিল। ৰতন টাটাই ক্ৰিকেটাৰজনৰ বাবে ১০ কোটি টকা ঘোষণা কৰা দাবীটোও মিছা।
আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানক লৈ এটা দাবী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দাবী অনুসৰি ভাৰতত চলি থকা বিশ্বকাপ ক্ৰিকেটৰ ৰাউণ্ড ৰবীনৰ এখন মেচত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত হাতত ভাৰতীয় পতাকা তুলি লোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আইচিচিয়ে ৰছিদ খানক ৫৫ লাখ টকাৰ জৰিমনা বিহিছে। ইয়াৰ পিছতে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই নিজেই ৰছিদ খানৰ এই জৰিমনা পৰিশোধ কৰাৰ কথা ঘোষণা কৰে আৰু কয় যে তেওঁ ১০ কোটি টকা পৰিশোধ কৰিব।
এই দাবীটো আমাক আমাৰ হোৱাটছএপ্প টিপলাইন 9999499044 লৈ প্ৰেৰণ কৰি পাঠকে ইয়াত সত্যতা অনুসন্ধান কৰাৰ আহ্বান জনাইছিল।
উল্লেখ্য, এই দাবীটো ফে’চবুকত বিভিন্ন ইউজাৰে একেধৰণেৰেই পোষ্ট কৰিছে। সেইবোৰৰ কিছুমান ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
আনহাতে কিছু X ইউজাৰেও এই দাবী পোষ্ট কৰিছে। সেইবোৰ ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
অৱশ্যে, আমি আমাৰ অনুসন্ধানত দেখিছিলো যে ভাইৰেল দাবীটো ভুৱা, ৰতন টাটাই নিজেই টুইট কৰি ইয়াক অস্বীকাৰ কৰিছে।
উল্লেখ্য যে বিগত ২৩ অক্টোবৰত বিশ্বকাপত পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত ক্ৰিকেট খেলখনত পাকিস্তান পৰাজিত হয়। পাকিস্তানে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২৮২ ৰাণ সংগ্ৰহ কৰিছিল। একে সময়তে, আফগানিস্তানে দুটা উইকেট হেৰুৱাই ২৮৩ ৰাণৰ লক্ষ্য অতিক্ৰম কৰে।
ফে’চবুকত ইংৰাজী আৰু হিন্দী ভাষাত এই ভাইৰেল দাবীৰ সৈতে সম্পৰ্কিত বহুতো পোষ্ট আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ঐতিহাসিক বিজয়ৰ পিছত ৰছিদ খান শিৰোনামত আছে, যিয়ে আফগানিস্তানৰ বিজয়ৰ পিছত খেলপথাৰত ত্ৰিৰংগা তুলি ধৰিছিল। এতিয়া কোৱা হৈছে যে পাকিস্তানে অভিযোগ কৰাৰ পিছত আইচিচিয়ে ৰছিদৰ ওপৰত ৫৫ লাখ টকাৰ জৰিমনা বিহিছে। ইয়াৰ পিছতেই বিখ্যাত উদ্যোগপতি ৰতন টাটাই এই বিষয়ত উদাৰতা দেখুৱাইছে আৰু নিজেই সেই জৰিমনা পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে।
ভাইৰেল দাবীটো অনুসন্ধান কৰিবলৈ, আমি প্ৰথমে প্ৰাসঙ্গিক কী-ৱৰ্ডবোৰ গুগলত বিচাৰিলো। এই সময়ছোৱাত, আমি ভাইৰেল দাবীৰ বিষয়ে উল্লেখ কৰা কোনো বিশ্বাসযোগ্য প্ৰতিবেদন লাভ কৰা নাছিলো।
ইয়াৰ পিছত, আমি উদ্যোগপতি ৰতন টাটাৰ অফিচিয়েল এক্স হেণ্ডেলত অনুসন্ধান কৰোতে ৩০ অক্টোবৰ ২০২৩ তাৰিখে কৰা এটা টুইট লাভ কৰো। এই টুইটটোত তেওঁ ৰছিদ খানৰ নাম উল্লেখ কৰা নাই যদিও ক্ৰিকেট সম্পৰ্কীয় এনেধৰণৰ বাতৰিক ভুৱা বুলি উল্লেখ কৰিছে।
ইংৰাজীত কৰা এটা টুইটত ৰতন টাটাই লিখিছে, “মই কেতিয়াও আইচিচি বা কোনো ক্ৰিকেট অনুষদক কোনো এগৰাকী খেলুৱৈৰ ওপৰত জৰিমনা বা পুৰস্কাৰ আৰোপ কৰিবলৈ কোনোধৰণৰ পৰামৰ্শ দিয়া নাই। ক্ৰিকেটৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। অনুগ্ৰহ কৰি এনে হোৱাটছএপ ফৰৱাৰ্ড আৰু ভিডিঅ’বোৰ মোৰ অফিচিয়েল প্লেটফৰ্মৰ পৰা প্ৰকাশ কৰা নহ’লে বিশ্বাস নকৰিব।”
ইয়াৰ পিছত, আমি ত্ৰিৰংগা কঢ়িয়াই নিয়াৰ দাবীটোও অনুসন্ধান কৰিছিলো, কিন্তু আমি এনে কোনো বিশ্বাসযোগ্য প্ৰতিবেদন বিচাৰি পোৱা নাছিলো। সাধাৰণতে এনে এক ঘটনা সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিলেহেতেন।
পাকিস্তানৰ সৈতে খেলখনৰ পিছত আফগান ক্ৰিকেটাৰ ৰছিদ খানে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা নাছিল, আৰু ইয়াৰ বাবে আইচিচিয়ে তেওঁক জৰিমনাও বিহা নাছিল। ৰতন টাটাই ক্ৰিকেটাৰজনৰ বাবে ১০ কোটি টকা ঘোষণা কৰা দাবীটোও মিছা।
Our Sources
Ratan Tata X account: Tweet on 30th Oct 2023
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।