Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
ৰাণু মণ্ডলে ঘৰত সোমাব নিদিয়ে নিজ জীয়ৰীক। মাক-জীয়েকৰ কাজিয়া সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ বিষয়
Fact
ৰাণু মণ্ডলৰ সৈতে কাজিয়াত লিপ্ত ছোৱালীগৰাকী ৰাণু মণ্ডলৰ কন্যা নহয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এগৰাকী নৃত্যশিল্পীহে।
“এক প্যাৰ কা নাগমা হে” গীত পৰিৱেশনেৰে ছ’চিয়েল মিডিয়াত অতি কম দিৰনৰ ভিতৰতে ভাইৰেল হৈ পৰা ৰাণু মণ্ডল পুনৰ চৰ্চালৈ আহিছে। ৰাণু মণ্ডল আৰু এগৰাকী যুৱতীয়ে মৌখিক তৰ্কত লিপ্ত হোৱা এটা ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পিছে এই ভিডিঅ’টো ৰাণু মণ্ডল আৰু তেওঁৰ কন্যাৰ মাজত হোৱা তৰ্ক বুলি এটা সংবাদ প্ৰতিষ্ঠানে বাতৰি পৰিৱেশন কৰিছে। প্ৰতিবেদনটোৰ সৈতে লিখা হৈছে যে ৰাণু মণ্ডলে ঘৰত সোমাব নিদিয়ে নিজ জীয়ৰীক। মাক-জীয়েকৰ কাজিয়া সামাজিক মাধ্যমত এতিয়া চৰ্চাৰ বিষয়। প্ৰতিবেদনটো ইয়াত ক্লিক কৰি চাব পাৰিব।

একেই দাবীৰে ভিডিঅ’টো সংবাদ প্ৰতিষ্ঠানটোৱে ইয়াৰ ইউটিউব পেজতো প্ৰকাশ কৰিছে। সেয়া তলত চাব পাৰিব।
নিউজচেকাৰে পোনপ্ৰথমেই এই ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰিবৰ বাবে একাধিক স্ক্ৰীণগ্ৰেব উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছৰ জৰিয়তে পৰীক্ষা কৰো। ইয়াতেই আমি ভালেমান ইনষ্টাগ্ৰাম ৰীলৰ ভিডিঅ’ লিংক লাভ কৰো আৰু বাতৰি প্ৰতিবেদনত সন্নিৱিষ্ট কৰা দুয়োটা ভিডিঅ’ দেখিবলৈ পাও। ভিডিঅ’ দুটা ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।

এই লিংকবোৰে আমাক Sreya646_ নামৰ এটা ইনষ্টাগ্ৰাম প্ৰ’ফাইললৈ ৰিডাইৰেক্ট কৰে।

এইবাৰ আমি প্ৰথমটো ভিডিঅ’ত উল্লেখ কৰা কথাখিনি মনোযোগেৰে শুনিলো। ইয়াত বঙালী ভাষাত কোৱা হৈছে ‘আমাৰ দৰে ইউটিউবাৰ নথকা হ’লে আপুনি দুবেলা দুমুঠি খাবলৈ নাপালেহেতেন। আমি আজি বহুত দূৰৈৰ পৰা আহিছিলো।’ পুনৰ ছোৱালীগৰাকীয়ে কৈছে, “আজি আমি ভাবিছিলো তেওঁক হোটেল ৰেষ্টুৰেণ্টলৈ লৈ গৈ খানা খুৱাম, কিন্তু তেওঁ আমাক বৰ বেয়া ব্যৱহাৰ কৰিছে। ইয়াৰ আগৰবাৰ আমি তেওঁৰ বাবে বহু কিবাকিবি লৈ আহিছিলো, এইবাৰ আনএক্সপেক্টেড ব্যৱহাৰ কৰিছে।” ছোৱালীগৰাকীয়ে তাচ্ছিল্য কৰি হাঁহি পুনৰ কৈছে, “তোমাৰ এই ঘৰটোও এদিন হাতৰ পৰা গুচি যাব। তেওঁ এনে ব্যৱহাৰ কৰে যে তেওঁ যেন সৰগৰ পৰীহে।”
এইবাৰ আমি পুনৰ ৰাণু মণ্ডলৰ পৰিয়াল আৰু কন্যাৰ বিষয়ে জানিবলৈ গুগলত কী-ৱৰ্ড ছাৰ্ছ কৰো। ইয়াতেই আমি একাধিক নিউজ লিংক লাভ কৰো। The New Indian Express ৰ এক প্ৰতিবেদন অনুসৰি ৰাণু মণ্ডলৰ কন্যাৰ নাম হৈছে এলিজাবেথ সাথী ৰয়।

ইফালে Live Hindustan ৰ এক প্ৰতিবেদন অনুসৰি ৰাণু মণ্ডলৰ কন্যা এলিজাবেথ সাথী ৰয় বৰ্তমান এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু সম্প্ৰতি এটি ৪ বছৰীয়া সন্তানৰ সৈতে সুৰীৰ এখন ভাৰাতীয়া দোকান চলাই জীৱন নিৰ্বাহ কৰি আছে।

আমি India Today ত লাভ কৰা এক প্ৰতিবেদনত সন্নিৱিষ্ট ফটো আৰু তথ্যৰ সৈতে ভাইৰেল ভিডিঅ’ৰ নৃত্যশিল্পী শ্ৰেয়া ৰয়ৰ মুখাৱয়ৱৰো কোনো সাদৃশ্য নাই।

নিউজচেকাৰৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি শ্ৰেয়া ৰয় আৰু ৰাণু মণ্ডলৰ কন্যা এলিজাবেথ সাথী ৰয় দুগৰাকী ভিন্ন মহিলা। এলিজাবেথ এগৰাকী বিবাহ বিচ্ছেদ হোৱা আৰু চাৰিবছৰীয়া সন্তান থকা এগৰাকী মহিলা, আনহাতে শ্ৰেয়া এগৰাকী নৃত্যশিল্পী। শ্ৰেয়া ৰয়ৰ সৈতে ৰাণু মণ্ডলৰ কোনো সম্পৰ্ক নাই। সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন ভুৱা।
Our Sources:
1. Instagram Profile of Sreya Roy
2. Reports from The New Indian Express, Live Hindustan & India Today
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।