Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
যৌন আতিশয্য চলাবলৈ উদ্যত ১৫ টা পাষণ্ড যুৱকক ধৰাশায়ী কৰিলে।
Fact
ভাইৰেল ভিডিঅ’টো প্ৰকৃততে এটা নাটকীয় ৰূপ আৰু ভিডিঅ’টোত দেখা যুৱক-যুৱতীসকল হৈছে পেছাদাৰী ষ্টাণ্ট আৰ্টিষ্ট।
শেহতীয়াকৈ তিনিগৰাকী যুৱতীয়ে এটা ‘ছাব-মেট্ৰ’ত এদল পুৰুষক কৌশলী সমৰকলাৰে ধৰাশায়ী কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰিছে যে যুৱতীকেইগৰাকী ‘ইজৰাইল’ৰ আৰু হাৰাশাস্তি কৰা যুৱককেইগৰাকী আৰৱৰ লোক আছিল। ফে’চবুকত প্ৰচাৰ হোৱা এই ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।
এই ভিডিঅ’টো অন্যান্য ভাষাতো এক্স প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। সেইবোৰ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
এই ফে’চবুক পোষ্টটোত ইউজাৰ শশাঙ্ক কাশ্যপ এ উল্লেখ কৰিছে, যোৱা ১.১১.২০২৩ তাৰিখে তিনিগৰাকী ইজৰাইলী ছোৱালী একেলগে ওলাই গৈ আছিল,১৫ টাতকৈও অধিক আৰব গাহৰিৰ সেই সময়ত যৌন কামনা জাগি উঠিছিল। কিন্তু আৰব গাহৰিবোৰে পাহৰি গ’ল ইজৰাইলী ছোৱালীবোৰে সংঘাত আৰু বিপদৰ সৈতে কিমান মোকাবিলা কৰিব পাৰে। আৰু তিনিগৰাকী ইজৰাইলী ছোৱালীয়ে আৰব গাহৰিবোৰৰ চিকিৎসা সুন্দৰ ভাবে কৰি তাৰ পৰা মুকলি মনে ওলাই আহিল চোৱা আব্দুল”
ভিডিঅ’টো আমাৰ হোৱাটছএপ টিপলাইন (+৯১ ৯৯৯৯৪৯৯০৪৪)ত নিউজচেকাৰৰ সৈতেও কেইবাজনো ব্যৱহাৰকাৰীয়ে তথ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই শ্বেয়াৰ কৰিছিল।
নিউজচেকাৰে এই ভাইৰেল ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰিবলৈ ইনভিড ব্যৱহাৰ কৰি ভালেমান কী-ফ্ৰেম উলিয়াই লয়। ইয়াৰ পিছতে আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমবোৰ বিচাৰিলোঁ যিয়ে আমাক অনলাইনত একেধৰণৰ ভালেমান ভিডিঅ’ প্ৰদৰ্শন কৰে।
তেনে এটা ভিডিঅ’ত দেখা গৈছে যে এজন পুৰুষ (আপাত দৃষ্টিত যুৱতীগৰাকী সংগী)ৰ সৈতে খোজকাঢ়ি গৈ থকা এগৰাকী মহিলাক দুজন পুৰুষে হাৰাশাস্তি কৰিছে। ইয়াৰ পিছতে তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈছে আৰু অৱশেষত মহিলাগৰাকীয়ে দুয়োজন হাৰাশাস্তিকাৰীক ঠেলা মাৰি দিছে।
ইনষ্টাগ্ৰাম ভিডিঅ’টো ইয়াত ক্লিক কৰি চাব পাৰিব।
নিম্নোক্ত তুলনাই স্পষ্ট কৰি দিয়ে যে দুয়োটা ভিডিঅ’ৰ চেটিং একে, আৰু হাৰাশাস্তি কৰা এজনক দুয়োটা ভিডিঅ’তে দেখা গৈছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ভাইৰেল ভিডিঅ’ নাটকীয়।
আমি ভাইৰেল ভিডিঅ’টো পুনৰ বিশ্লেষণ কৰিলোঁ আৰু মহিলাসকলক হাৰাশাস্তি কৰা এজন পুৰুষৰ পোছাকত CUC বুলি লিখা চিহ্নটো লক্ষ্য কৰিলোঁ।
তাৰ পিছত আমি গুগলত CUC আৰু fight বুলি কীৱৰ্ড ছাৰ্ছ কৰিলোঁ আৰু এটা Campus Univers Cascades ৰ ইনষ্টাগ্ৰাম পেজ পালোঁ, যিয়ে নিজকে ফৰাচী ষ্টাণ্ট দল বুলি উল্লেখ কৰিছে।
আমি ২০২৩ চনৰ ২ নৱেম্বৰত তেওঁলোকৰ পেজত একেটা ভাইৰেল ভিডিঅ’ পোষ্ট কৰা দেখিলোঁ। য’ত #cucteam, #stuntteam আৰু #choregraphy হেচটেগবোৰে এই ভিডিঅ’বোৰ নাটকীয় বুলি নিশ্চিত কৰে।
ইনষ্টাগ্ৰাম একাউণ্টৰ সৈতে লিংক কৰা গ্ৰুপটোৰ ৱেবছাইটটোৱে আৰু নিশ্চিত কৰে যে গ্ৰুপটো এটা ষ্টাণ্ট দল।
ৱেবছাইটটোত লিখা আছে, “২০০৮ চনত সৃষ্টি হোৱা কেম্পাছ ইউনিভাৰ্চ কেছকেডছ (চিইউচি) হৈছে চিনেমা আৰু শ্ব’ৰ ষ্টাণ্ট কৌশলৰ বাবে গঠন কৰা এটা পেছাদাৰী প্ৰশিক্ষণ কেন্দ্ৰ।
এইদৰে আমি এই সিদ্ধান্তত উপনীত হ’ব পাৰো যে ইজৰাইলী মহিলা বুলি উল্লেখ কৰা যুৱতীকেইগৰাকীয়ে তেওঁলোকক হাৰাশাস্তি কৰা লোকসকলক মাৰপিট কৰা হিচাপে দেখুওৱা ভাইৰেল ভিডিঅ’টো আচলতে নাটকীয়।
Our Sources
1. Video on Instagram posted by Baroudydaioy2.0, on November 4, 2023
2. Video on Instagram posted by Campus Univers Cascades,on November 2, 2023
3. Website of Campus Univers Cascades
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।