শনিবাৰ, এপ্ৰিল 27, 2024
শনিবাৰ, এপ্ৰিল 27, 2024

Home 2023

Yearly Archives: 2023

Fact Check: ৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে ১ জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি?

উজ্জ্বলা আঁচনিৰ অধীনত ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলৰ ৰাজসাহায্য সময়মতে লাভ কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বায়’মেট্ৰিক আপডেট কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু, ৩১ ডিচেম্বৰৰ কোনো সময়সীমা নাই আৰু জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ কিনিব নোৱাৰিব বুলি কৰা দাবী মিছা।

সাবৰীমালা মন্দিৰত ভিৰৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল

সবৰীমালা মন্দিৰত হোৱা বিশাল হুলস্থুলৰ মাজতে কিছুসময়ৰ বাবে পিতৃক বিচাৰি নাপাই কান্দি থকা শিশুৰ ভিডিঅ’ এটা সাম্প্ৰদায়িক ৰহণ সানি ভাইৰেল কৰা হৈছে।

‘ইউৰোপত ইছলামৰ কোনো স্থান নাই’, ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনতে দিয়া মন্তব্য শেহতীয়া বুলি ভাইৰেল

ভাইৰেল ভিডিঅ’টো ইটালীৰ ৰোমত অনুষ্ঠিত ৰাজনৈতিক বৈঠকত প্ৰদান কৰা নহয়। ভিডিঅ’টো ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ইণ্টাৰনেটত উপলব্ধ, যিটো জৰ্জিয়া মেলোনিয়ে ইটালীৰ এগৰাকী ৰাজনীতিবিদৰ বক্তব্যৰ সৈতে সন্মতি প্ৰকাশ কৰিছে।

Fact Check: অযোধ্যাত ৰামৰ মূৰ্তি মুছলমান পিতা-পুত্ৰই নিৰ্মাণ কৰিছে নেকি?

অযোধ্যাত ৰাম মূৰ্তি সৃষ্টিৰ কাম মুছলমান পৰিয়ালক গতাই দিয়া হৈছে বুলি ভাইৰেল দাবী মিছা। তিনিগৰাকী ভাস্কৰ্য শিল্পী গণেশ ভাট, অৰুণ যোগীৰাজ আৰু সত্যনাৰায়ণ পাণ্ডে ৰামমূৰ্তি সৃষ্টিৰ কামত ব্যস্ত হৈ আছে।

Fact Check: ৫ মিনিটত পিঠিৰ বিষ উপশম কৰা কাইৰোপ্ৰেক্টিক চিকিৎসাৰ দাবী বিভ্ৰান্তিকৰ

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দাবীটো বিভ্ৰান্তিকৰ। যিজন ব্যক্তিৰ ওপৰত এই দাবীৰ উদ্ধৃতি দিয়া হৈছে তেওঁও স্বীকাৰ কৰিছে যে সকলোধৰণৰ কঁকালৰ বিষৰ চিকিৎসা পাঁচ মিনিটত কৰিব নোৱাৰি।

Fact Check: মল্লিকাৰ্জুন খাৰ্গেই ৰাহুল গান্ধীক শ্বহীদ বুলি কৈছিল নেকি? সম্পাদিত ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল

এই দাবীটো এটা সম্পাদিত ভিডিঅ’ৰ কিয়দংশ। মল্লিকাৰ্জুন খাৰ্গেই মূল ভিডিঅ’টোত তৎক্ষণাৎ এই ভুলৰ বাবে ক্ষমা বিচাৰিছিল।

Fact Check: ইংলণ্ডৰ বাংকাৰৰ ভিডিঅ’ গাজাস্থিত হামাছৰ সুৰংগ বুলি ভাইৰেল

ভাইৰেল ভিডিঅ’টো গাজাষ্ট্ৰীপৰ নহয় বা হামাছে ব্যৱহাৰ কৰা সুৰংগৰ দৃশ্য নহয়। এয়া ইংলেণ্ডৰ ছাৰেৰ সুৰংগ। ভাইৰেল পোষ্ট মিছা।

Fact Check: অষ্ট্ৰিয়াৰ নাজী কনচেনট্ৰেচন কেম্পৰ ফটো পেলেষ্টাইনৰ বুলি ভাইৰেল

এই ফটোখনৰ সৈতে পেলেষ্টাইনৰ কোনো সম্পৰ্ক নাই। ফটোত থকা লোকসকলে পেলেষ্টাইন চৰকাৰৰ সমূখত সহায় ভিক্ষা কৰা নাছিল। এয়া অষ্ট্ৰিয়াৰহে ফটো।

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ যোগেদি মাত্ৰ ৫, ১০, বা ১৫ দিনতে তেল ব্যৱহাৰ কৰি চুলিৰ সমস্যা সমাধানৰ প্ৰমাণহীন দাবী!

চুলি সৰা বিভিন্ন কাৰণত হ’ব পাৰে আৰু তেলৰ ব্যৱহাৰেৰে চুলিৰ সামগ্ৰিক স্বাস্থ্য উপকৃত হ’ব পাৰে যদিও ই পুষ্টিজনিত আৰু জিনীয় কাৰকৰ বাবে চুলি সৰাৰ সমাধান কৰিব নোৱাৰে।

বিশ্বকাপৰ ফাইনেলত ১.৫ লাখ লোকে জপ কৰিলে হনুমান চলিছা? ভুৱা দাবীৰে সম্পাদনা কৰা ভিডিঅ’ ভাইৰেল

ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত দৰ্শন ৰাৱাল নামৰ এগৰাকী শিল্পীয়ে এক অনুষ্ঠান পৰিৱেশন কৰিছিল, সেই ভিডিঅ’টোকেই হনুমান চালিছাৰে সম্পাদনা কৰা হৈছে।