জালিয়াতি, সন্ত্ৰাস আৰু মৃত্যুৰ আবাহন: ভাৰতত দ্ৰুতগতিত বিয়পি পৰিছে ‘টেলিগ্ৰাম টাস্ক কেলেংকাৰী’

২৯ বছৰীয়া অনুৰাগ ডেকাই (নাম সলনি কৰা হৈছে) নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়, “এয়া যেন মোক সম্মোহন কৰা হৈছিল।” জুন মাহৰ মাজভাগৰ কোনোবা এটা দুপৰীয়াৰ কথা, অনুৰাগে নিজৰ কামত মগ্ন হৈ থকাৰ সময়তে তেওঁৰ ফোনটোৰ স্ক্ৰীণত এটা টেক্সট মেছেজ ভাহি আহিল। চুটি মেছেজটোত আছিল এটা প্ৰলোভনমূলক প্ৰস্তাৱ: “আপুনি ঘৰৰ পৰা অংশকালীন (পাৰ্টটাইম) কাম কৰি টকা উপাৰ্জন কৰিব বিচাৰেনে?” এয়া আছিল আৰ্থিক সকাহ আৰু জীৱনলৈ অহা নতুন সমৃদ্ধিৰ প্ৰতিশ্ৰুতিভৰা আমন্ত্ৰণ আছিল। প্ৰথম অৱস্থাত সতৰ্ক হ’লেও, অজ্ঞাত লোকৰ পৰা অহা এনে এক প্ৰস্তাৱৰ প্ৰতি অনুৰাগ কৌতুহলী হৈ পৰিল। শব্দবোৰৰ আঁৰৰ প্ৰেৰকজনৰ প্ৰফাইল ফটোখনেও যেন ৰহস্যময় দূতজনক মানৱীয় কৰি তুলিলে। লাহে লাহে সেই প্ৰাৰম্ভিক সন্দেহে বিশ্বাসৰ ঠাই ল’লে।

অচিনাকি প্ৰেৰকজনৰ লগত অধিক মেছেজযোগে কথা থাকোঁতেও তেওঁৰ প্ৰস্তাৱটোৱে অনুৰাগৰ আগ্ৰহ জগাই তুলিলে। প্ৰস্তাৱটো আছিল অতি সহজ – তেওঁ মাত্ৰ কিছুমান ভিডিঅ ‘লাইক’ কৰিব লাগে আৰু চেনেলবোৰ ‘ছাবস্ক্ৰাইব’ কৰিব লাগে। প্ৰতিটো লাইক আৰু চাবস্ক্ৰিপচনৰ বাবে ১৫০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ইয়াৰ পিছত যি হ’ল, সেয়া আছিল চাৰিদিনীয়া এক সুপৰিকল্পিত, সংগঠিত কেলেংকাৰী যাৰ ফলত ৩ লাখৰো অধিক ধন হেৰুৱাবলগীয়া হৈছিল।

অনলাইন কুটিলতাৰ জটিল জগতখনত অনুৰাগৰ যাত্ৰাৰ সূচনা হৈছিল এক ভয়ংকৰ অনিবাৰ্যতাৰ মাজেৰে। তেওঁ স্বীকাৰ কৰি কৈছে, “মই মাত্ৰ যি কৈছে কৰি গৈছিলো”, তেওঁ লগতে স্বীকাৰ কৰে, শব্দবোৰ আছিল চৰম প্ৰলোভন আৰু ভাবুকিৰ লেখীয়া। প্ৰথমটো দিনতেই তেওঁলোকৰ নিৰ্দেশনা নিখুঁতভাৱে পালন কৰাৰ লগে লগে অনুৰাগৰ একাউণ্টত ৭৫০ টকা জমা হ’ল। যিয়ে তেওঁক অধিক বিশ্বাস প্ৰদান কৰিলে।

এই নতুনকৈ লাভ কৰা অতিৰিক্ত উপাৰ্জনে অনুৰাগক বৰ সঁকাহ দিলে। তেওঁৰ মনটোত সম্ভাৱ্য মাহিলী উপাৰ্জনৰ হিচাপে অহৰহ বিচৰণ কৰিবলৈ ধৰিলে। তৃতীয় দিনটোৱেই এক ভয়ংকৰ টাৰ্নিং পইণ্ট বুলি প্ৰমাণিত হ’ল, কিয়নো তেওঁলোকে অনুৰাগক ক্ৰিপ্টোকাৰেন্সিত বিনিয়োগ কৰিবলৈ অনুৰোধ জনালে আৰু পুনৰ প্ৰলোভন দিবলৈ আৰম্ভ কৰিলে। পিছে ইয়াৰ বাবে প্ৰয়োজন আছিল এক গভীৰ বিশ্বাস জন্মোৱাৰ। অনুৰাগে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ আগতে ক্ষন্তেক সময়ৰ বাবে দ্বিধাবোধ কৰিলে। তেওঁ ক’লে, “তেওঁলোকে মোৰ লগত এটা ৱেবছাইট শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকে এটা লগইন আৰু পাছৱৰ্ড তৈয়াৰ কৰিছিল। ষ্টিফেন নামৰ কোনোবা এজনে আমাক গাইড কৰি থকা এটা গ্ৰুপতো মোক যোগ কৰাই দিলে। মোক কোৱা অনুসৰি মই টকা পঠিয়ালো, আৰু ৱেবছাইটটোত মই পটিওৱা ধনখিনি ‘বিনিয়োগ কৰা ধন’ হিচাপে প্ৰতিফলিত হৈছিল। আনকি ইয়াত ৰিটাৰ্ণো দেখা গৈছিল, যিটো সঁচাকৈয়ে বহু বেছি আছিল।”

বিনিয়োগৰ অনুৰোধ পৰ্যায়ক্ৰমে বৃদ্ধি পালে। এই সংখ্যা ১০০০ টকাৰ পৰা ১৩,০০০ টকালৈ বৃদ্ধি পালে, আৰু তাৰ পিছত ৫০,০০০ টকালৈও বৃদ্ধি পালে। তেওঁৰ “বিনিয়োগ”ৰ পৰিসংখ্যাই যেন তেওঁলোকে তেওঁক প্ৰৱেশৰ অনুমতি দিয়া ৱেবছাইটটোৰ ডেচব’ৰ্ডত সাংঘাতিক লাভৰ প্ৰতিফলন ঘটাইছিল, সীমাহীন ধন-সম্পত্তিৰ আকৰ্ষণেৰে তেওঁক প্ৰলোভিত কৰিছিল। তেওঁ পুনৰ কৈছিল, “মই লোভী হৈ পৰিলোঁ। তেওঁলোক ইমানেই পেছাদাৰী যে এই সকলোবোৰ খুবেই সঁচা যেন লাগে… মই প্ৰথমে ১০০০ টকা জমা কৰিবলৈ ভয় খাইছিলো আৰু মই ২৫,০০০ টকাতকৈও অধিক ধন জমা দিলোঁ।” তেওঁ লগতে কয়, “প্ৰতিটো বিনিয়োগৰ লগে লগে আপুনি এটা স্তৰ ওপৰলৈ উঠি যায়, যেন উচ্চ পৰ্যায়ৰ ডিগ্ৰীহে আপুনি লাভ কৰি গৈ আছে। তেনে অনুভৱ হয়।” তেওঁ কয়, “ইয়াত এগৰাকী অৰ্কেষ্ট্ৰেটৰে প্ৰায়েই গোটত আনৰ সফলতাৰ কাহিনী প্ৰদৰ্শন কৰে, তেওঁলোকৰ ‘বৃহৎ জয়ৰ বাবে” ৰাজহুৱাকৈ অভিনন্দন জনায়।” কিন্তু অনুৰাগে উপলব্ধিয়েই  কৰা নাছিল যে এই আপাত ‘বিজয়ী’ অংশগ্ৰহণকাৰীসকল যে এক সুসংগঠিত অপৰাধী নেটৱৰ্কৰ কেৱল পণ্য। তেওঁলোকৰ উদ্দেশ্য হৈছে জটিলভাৱে এনে এখন জাল সাজু কৰা যিয়ে অতিৰিক্ত উপাৰ্জনৰ জৰিয়তে নিজৰ মাহিলী আয় বৃদ্ধিৰ বাবে চেষ্টা কৰি থকা যুৱক-যুৱতীক ফান্দত পেলোৱা।

তাৰ পিছত তেওঁলোকে অনুৰাগক ৫,৪২,০০০ টকা জমা দিবলৈ এক ভয়ংকৰ অনুৰোধ আগবঢ়ায়। “সেয়া ধন মোৰ বাবে যথেষ্ট আছিল আৰু মই সেয়ে অলপ সতৰ্ক হলো। মই মোৰ অনিচ্ছাৰ কথা ক’লোঁ, তেওঁলোকক ক’লোঁ যে মই আৰু আগবাঢ়িব নিবিচাৰো আৰু কেছ আউট কৰিবলৈ ক’লোঁ৷ সেই সময়তে তেওঁলোকে কৈছিল যে মই অধিক বিনিয়োগ নকৰিলে ধন উলিয়াব নোৱাৰো৷ তেওঁলোকে কৈছিল যে যদি মই এতিয়া বন্ধ কৰি দিওঁ, তেন্তে মই যিমানখিনি লাভ কৰিছিলো আৰু বিনিয়োগ কৰিছিলো, সেইখিনি ধন হেৰুৱাম। মই তেওঁলোকক জমা ধন দিবলৈ কিছু সময় বিচাৰিলো৷ সেই নিশাই মই ইনষ্টাগ্ৰামত স্ক্ৰল কৰি থাকোতে দেখিলোঁ যে নাগপুৰৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এজন অধ্যাপকে একে ধৰণেৰে ধন বিনিয়োগ কৰি বৃহৎ প্ৰবঞ্চনাৰ সমূখীন হৈছে…” অনুৰাগে কয়। ইয়াৰ পিছত যি হ’ল সেয়া আছিল মাহৰ পিছত মাহ ধৰি চলি থকা এক আইনী প্ৰক্ৰিয়া আৰু এতিয়ালৈকে বেংকক আদালতৰ নিৰ্দেশৰ পিছত অনুৰাগে তেওঁৰ ধনৰ এটা অংশহে লাভ কৰিছে।

অৱশ্যে, অনুৰাগৰ এই ঘটনাই একমাত্ৰ ঘটনা নহয়। সঘনাই নাম সলোৱা এই কুখ্যাত টেলিগ্ৰাম টাস্ক কেলেংকাৰীয়ে কেইবামাহো ধৰি নিজৰ এই ভয়ংকৰ ষড়যন্ত্ৰ চলাই আহিছে, সমগ্ৰ ভাৰতৰ অগণন ব্যক্তিৰ পৰা কোটি কোটি টকা প্ৰতাৰণা কৰি থকা হৈছে।

Modus Operandi: হোৱাটছএপৰ পৰা টেলিগ্ৰাম হৈ ক্ৰিপ্টো প্লেটফৰ্মলৈকে

‘বিনিয়োজিত’ ধন আৰু ইয়াৰ কথিত ৰিটাৰ্ণ এটা আপাতঃ দৃষ্টিত বৈধ যদিও সাধাৰণতে নকল, ৱেবছাইটত অনুসৰণ কৰা হয়, কিন্তু বিনিয়োগকাৰীসকলক অতিৰিক্ত বৈধতা প্ৰদান কৰা হয়। ‘বিনিয়োগ’ নিজেই প্ৰতাৰণামূলকভাৱে সৰল, য’ত এটা নিৰ্দিষ্ট ইউপিআই আইডিলৈ ধন হস্তান্তৰ কৰা হয় আৰু ‘বিনিয়োগ’ কৰা ধন প্ৰৱঞ্চনামূলক ৱেবছাইটত দ্ৰুতগতিত প্ৰতিফলিত হয়। অধিক ধন ‘বিনিয়োগ’ কৰি সমৃদ্ধিৰ জখলাৰে ওপৰলৈ উঠি যোৱাৰ লগে লগে ভুক্তভোগীক বিভিন্ন টেলিগ্ৰাম গ্ৰুপত যোগদান কৰোৱা হয়। এই গোটসমূহত সাধাৰণতে কেলেংকাৰী দলটোৰ একাধিক সদস্য থাকে, যিয়ে ভুক্তভোগীৰ আস্থা লাভ কৰিবলৈ আন বিনিয়োগকাৰীৰ অভিনয় কৰে। দৈনিক ‘লাভ’ উৎসাহেৰে ঘোষণা কৰা হয়, যিয়ে বিশদ আঁচনিখনৰ সামগ্ৰিক বৈধতাত অৰিহণা যোগায়।

পৰিণামৰ কোনো ভয় নোহোৱাকৈ আত্মবিশ্বাসেৰে মানুহক প্ৰৱঞ্চনা কৰি আছে।

ৰিজৱান, ২৮, ভুক্তভোগী

ভুক্তভোগীয়ে ধন উলিয়াবলৈ দাবী নকৰালৈকে এই কাম চলি থাকে। তেওঁলোকক কোৱা হয় যে যেতিয়ালৈকে বহুত বেছি ধন উলিওৱাৰ চাৰ্জ হিচাপে বিনিয়োগ নকৰে তেতিয়ালৈকে তেওঁলোকে সেই ধন উলিয়াব নোৱাৰে। টকাখিনি দিয়াৰ পিছত, পৰ্যায়ক্ৰমে তেওঁলোকক নিয়মিত ৰূপত বিনিয়োগ কৰি থাকিবলৈ কোৱা হয়। সাধাৰণতে এইখিনিতে ভুক্তভোগীয়ে নিজকে কেলেংকাৰীৰ বলি হোৱা বুলি উপলব্ধি কৰে আৰু পুলিচৰ কাষ চাপে। ভুক্তভোগীৰ সৈতে সমন্বয় কৰা ‘ৰিচেপচনিষ্ট’জনৰ টেলিগ্ৰাম আইডি ইয়াৰ পিছতে নোহোৱা হৈ যায় বা সঁহাৰি নিদিয়া হৈ পৰে।

আনহাতে, একেধৰণৰ ঘটনা এটা সংঘটিত হৈছিল ২৮ বছৰীয়া ৰিজৱানৰ সৈতে। এই কেলেংকাৰীৰ নায়কসকলে আৰ্থিকভাৱে জোকাৰি যোৱা এটা ঘটনা ৰিজৱানে শ্বেয়াৰ কৰিছে – “মই সেই ধন সম্পূৰ্ণ বেলেগ কামৰ বাবে ৰাখি থৈছিলো,” তেওঁ স্পষ্ট হতাশাৰ সৈতে কৈছে। ‘মই তেওঁলোকক কাতৰ অনুৰোধ কৰিছিলো, কিন্তু তেওঁলোকে কোনো সঁহাৰি নিদিলে। আৰক্ষীক জড়িত কৰাৰ কথা কোৱাতহে মই কোনো ধৰণৰ সঁহাৰি উলিয়াবলৈ সক্ষম হ’লোঁ। পৰিণামৰ কোনো ভয় নোহোৱাকৈ সাংঘাতিক আত্মবিশ্বাসেৰে মানুহ প্ৰবঞ্চনা কৰি আছে। তেওঁলোক সৈতে যোগাযোগ স্থাপন কৰিলেই তেওঁলোক সদায় পেছাদাৰী হৈ পৰে। আনকি দুদিনমান আগতেও তেওঁলোকৰ পৰা এটা মেছেজ আহিছিল যে মই আন এটা কাম কৰিব লাগে।’- চুৰাটৰ লোকগৰাকীয়ে কয়।

প্ৰায় ২৫,০০০ টকা হেৰুওৱাৰ পিছতো ৰিজৱানে আইনী গোচৰ নচলোৱাৰ সিদ্ধান্ত লৈছিল। “এয়া তুলনামূলকভাৱে কম ধন যেন লাগিছিল, যদিও এই সমগ্ৰ কামটোৰ প্ৰকৃত খৰচ আছিল মোৰ মানসিক অৱস্থাৰ ওপৰত আঘাত,” তেওঁ স্পষ্টভাৱে স্বীকাৰ কৰে।

মৃত্যু পথেৰে..

যদিও ৰিজৱানে নিজৰ আৰ্থিক লোকচান তুলনামূলকভাৱে কম ধনত সীমাবদ্ধ কৰিবলৈ সক্ষম হৈছে, তথাপিও সকলো ইমান ভাগ্যৱান নহয়। এই কেলেংকাৰীয়ে আৰ্থিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও ক্ষতিৰ মৰ্মান্তিক ৰেখাপাত কৰি গৈছে। বহু মানুহ আত্মহত্যাৰ পথো বাচি লৈছে।

ভূপাল ৩৮ বছৰীয়া ব্যক্তিগত বীমা কৰ্মী বিনীত (নাম সলনি কৰা হৈছে)ৰ হৃদয় বিদাৰক কাহিনীটো শুনক। এই প্ৰবঞ্চনাৰ জালত ভৰি দি বিনীতৰ জীৱনলৈ নামি আহে কাল অমানিশা। এই প্বঞ্চনাৰ জালত ভৰি দি ১৭ লাখ টকা হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকগৰাকীয়ে তেওঁৰ পত্নী আৰু দুই ৯ আৰু ৩ বছৰীয়া পুত্ৰৰ সৈতে আত্মহত্যা কৰে।

নিউজচেকাৰে লাভ কৰা আত্মহত্যাৰ টোকাটোত বিনীতে লিখিছে, “আমাৰ সুখী পৰিয়ালটোৰ ওপৰত কাৰ এনে কোপদৃষ্টি পৰিল নাজানো। মোৰ মাত্ৰ এটা ভুলৰ বাবে মোৰ গোটেই পৰিয়ালটোৱে কষ্ট ভোগ কৰিবলগীয়া হ’ল। মোৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ পৰা ক্ষমা বিচাৰিছো।”

আনৰ দৰে বিনীতেও ঘৰৰ পৰা কাম কৰাৰ সুযোগটোক আয়ৰ পৰিপূৰক উৎস হিচাপে আকোৱালি লৈছিল। কিন্তু অতি সোনকালেই তেওঁ ক্ৰিপ্টো প্লেটফৰ্মৰ প্ৰবঞ্চনাৰ জালত আবদ্ধ হৈ পৰিল। “কোম্পানীটোৰ মানুহবোৰে মোক অধিক ধন দিবলৈ আৰু টকাখিনি উলিয়াবলৈ ঋণ ল’বলৈ কৈছিল। মই প্ৰথমতে নাকচ কৰিছিলো যদিও এবাৰ চেষ্টা এটা কৰি চালো, আৰু শেষত মই ঋণ লোৱা ধনখিনি পুনৰ (ক্ৰিপ্টো) প্লেটফৰ্মত বিনিয়োগ কৰিলোঁ।”

ইয়াৰ পিছতে কথাবোৰ অধিক গুৰুতৰ হৈ পৰিল। যি কোম্পানীৰ পৰা বিনীতে ঋণ লৈছিল, সেই কোম্পানীয়ে ঋণ আদায়ৰ প্ৰক্ৰিয়াৰ বাবে ক্ৰমাৎ ব্লেকমেইলৰ কৌশলৰ আশ্ৰয় লৈছিল। “তেওঁলোকে ভাবুকি দিছিল যে তেওঁলোকে মোৰ ছবিবোৰক লেতেৰা ছবিলৈ ৰূপান্তৰিত কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিব” – তেওঁ কয়।

“মই কাকো লগ কৰিব নোৱাৰা হ’লো, কাৰো চকুলৈ চাব নোৱাৰা হলো। মোৰ নিজৰ দৃষ্টিতেই পৰি গ’লো। চাকৰি হেৰুৱাৰ উপক্ৰম হ’ল মোৰ। মই নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰ দেখিলো।’ – এনেদৰে তেওঁ লিখি তেওঁৰ পৰিয়ালটো লৈ ওলাই গৈছিল।

এই সন্দৰ্ভত ভূপালৰ উপায়ুক্ত ছাই কৃষ্ণ থোটাই দ্য হিন্দুস্তান টাইমছক কয় যে, “যেতিয়া তেওঁ কোম্পানীটোৰ মোবাইল এপ্লিকেচন ডাউনলোড কৰিছিল, তেতিয়া তেওঁ নিজৰ যোগাযোগ আৰু ফটো আপলোড কৰাৰ সুবিধা দিছিল। কোম্পানীটোৱে তথ্যসমূহ সংগ্ৰহ কৰি অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি তেওঁৰ সকলো কনটেক্ট নম্বৰলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ভুক্তভোগীয়ে কোম্পানীটোৰ পৰা ১৭ লাখ টকাৰ ঋণ লৈছিল যিটো তেওঁ ক্ৰিপ্টোকোম্পানীত পুনৰ বিনিয়োগ কৰিছিল।”

আন এটা হৃদয় বিদাৰক কাহিনী হৈছে ৩০ বছৰীয়া প্ৰযুক্তি অনুৰাগী জাদবেথ আৰভিন্থৰ কৰুণ আত্মহত্যা। তেলেংগানাৰ ছাংগাৰেডীৰ জাদভেথে প্ৰথমে ২০০ টকাৰ সামান্য বিনিয়োগেৰে এই পৃথিৱীত খোজ দিছিল। তেওঁ বিনিয়োগ কৰি যোৱাৰ লগে লগে লোকচান বাঢ়ি আহিল, যাৰ ফলত ১২ লাখ টকাৰ ভয়াৱহ অভাৱ ঘটিল। ২০২৩ চনৰ মে’ মাহত ভনীয়েকৰ আগন্তুক বিয়াৰ বাবে পিতৃ-মাতৃয়ে কষ্টেৰে জমা কৰা এই ধনৰাশি এতিয়া হেৰাই গ’ল, যাৰ ফলত পৰিয়ালটোক অপৰিসীম দুখ আৰু আৰ্থিক দুৰ্দশাত ডুব গ’ল। প্ৰৱঞ্চকসকলক অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ ৰেহাই পোৱা নগ’ল আৰু শেষত ইয়াৰ ফলত মাত্ৰ তিনিমাহ আগতে বিয়া হোৱা জাদভেথে হৃদয়বিদাৰক সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে।

সমগ্ৰ ভাৰততে যথেষ্ট পৰিমাণৰ ঘটনা

সমগ্ৰ ভাৰতবৰ্ষতে এই ধৰণৰ ঘটনাৰ বহু বাতৰি পোৱা গৈছে। কিন্তু টেলিগ্ৰামে আগবঢ়োৱা অস্পষ্টতাই এইক্ষেত্ৰত প্ৰায়ে ঢালৰ কাম কৰে, যাৰ ফলত আইন প্ৰয়োগকাৰী সংস্থাৰ বাবে অপৰাধীক গ্ৰেপ্তাৰ কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰে।

এনে বহু বাধাৰ মাজতো চণ্ডীগড় আৰক্ষীয়ে এনেবোৰ প্ৰবঞ্চকৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে আৰু হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰা চলি থকা এটা নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হৈছে। কেৱল চণ্ডীগড়তে এনেধৰণৰ ১৮১ টা গোচৰ পঞ্জীয়ন হৈছে, য’ত যোৱা কেইমাহমানৰ ভিতৰত বাসিন্দাসকলে সামূহিকভাৱে ৩.৯৭ কোটি টকা লোকচানৰ সমূখীন হৈছে, এই কথা আইন প্ৰয়োগকাৰী সংস্থাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই কেলেংকাৰীত জড়িত কিছুমান ব্যক্তিৰ ভিতৰত চাৰ্টাৰ্ড একাউণ্টেণ্ট, আইনী অধিবক্তা, ব্যক্তিগত বেংকৰ কৰ্মচাৰী আদিও আছে।

চেন্নাইতো একেধৰণেই অভিযানৰ চলাই পুডুচেৰী আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে।

এই বিষয়টোৰ ওপৰত আলোকপাত কৰি পুডুচেৰীৰ চাইবাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক এছ ভাস্কৰনে কয় যে, “টেলিগ্ৰাম আৰু হোৱাটছএপ্পৰ দৰে প্লেটফৰ্ম কেৱল মধ্যস্থতাকাৰী। প্ৰবঞ্চকসকলে আপোনাক প্ৰলোভিত কৰে আৰু তেওঁলোকৰ ফান্দত ভৰি দিবলৈ বাধ্য কৰে। আমাৰ চাৰিওফালে বহুত নিবনুৱা সমস্যা আছে, আমাৰ বহুতেই মানসিক চাপৰ বলি হৈছে, আৰু সকলোকে আৰ্থিক সকাহৰ প্ৰয়োজন। এই প্ৰবঞ্চকসকলে আপোনাক এনে অফাৰেৰে আকৰ্ষিত কৰে, যিবোৰ সঁচা হ’ব নহ’লেও শুনিবলৈ আৰু উপলব্ধি কৰিবলৈ ভাল আৰু তেওঁলোকে আপোনাৰ আস্থা জিনিবলৈ সক্ষমো হয়।”

পুডুচেৰীৰ আৰক্ষীয়ে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰি ২২টা এফআইআৰ দাখিল কৰিছে, ২৮০০টা কাৰেণ্ট একাউণ্ট ফ্ৰীজ কৰিছে, কেন্দ্ৰীয় শাসিত অঞ্চলত চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা ৫০০ ৰো অধিক মোবাইল নম্বৰ ব্লক কৰিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই কেলেংকাৰীৰ পৰিসৰ প্ৰথম অৱস্থাত দেখাতকৈ বহু বেছি বিস্তৃত।

আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বৰে সন্ত্ৰাসবাদীৰ বিত্তীয়

আৰক্ষীৰ তদন্তই এই কেলেংকাৰীৰ অধিক অশুভ মাত্ৰা উন্মোচন কৰিছে – প্ৰায় ২০টা শ্বেল কোম্পানীক ধন সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা, তাৰ পৰা পোৱা ধন সন্ত্ৰাসবাদক সমৰ্থন কৰাকে ধৰি বিভিন্ন উদ্দেশ্যত বিদেশলৈ প্ৰেৰণ কৰা হৈছে।

হায়দৰাবাদ আৰক্ষীৰ একেধৰণৰ তদন্তই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক উদঙাই দিছে, যাৰ সৈতে চীন, ডুবাই আৰু সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ সৈতে সম্পৰ্ক আছে। এই বছৰৰ জুলাই মাহত হায়দৰাবাদ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা পোষ্টত টেলিগ্ৰাম ভিত্তিক বিনিয়োগ জালিয়াতিৰ সৈতে জড়িত এটা দলক উৎখাত কৰাৰ ক্ষেত্ৰত নিজৰ অগ্ৰগতি ঘোষণা কৰিছে, যাৰ মূল্য আছিল মুঠ ৭১৬ কোটি।

লক্ষ্ণৌ, আহমেদাবাদ, হায়দৰাবাদকে ধৰি ভাৰতৰ বিভিন্ন চহৰৰ পৰা ৯ জনীয়া এটা দলক আৰক্ষীয়ে আটক কৰিছে। আচৰিত কথাটো হ’ল, তেওঁলোকৰ এজনৰ চীনা হেণ্ডলাৰৰ সৈতে সংযোগ আছিল, তেওঁলোকৰ মাজত লিংকমেন হিচাপে কাম কৰিছিল। এই ব্যক্তিজনে চীনা প্ৰবঞ্চকসকলৰ বাবে ভাৰতীয় বেংক একাউণ্টৰ সুবিধা প্ৰদান কৰিছিল, যাৰ ফলত ডুবাই আৰু চীনৰ পৰা ৰিম’ট কণ্ট্ৰ’লৰ সুবিধা হৈছিল। আৰক্ষীৰ তদন্তত দেখা গ’ল যে তেওঁ ট্ৰন ক’ইন ৱালেটৰ ঠিকনাৰ জৰিয়তে ইউএছডিটি বা ট্ৰ’নত কমিচন লাভ কৰিছিল। তদন্তত আৰু উন্মোচিত হয় যে এই ধনৰ এটা অংশ ক্ৰিপ্টোকাৰেন্সী ৱালেট লেনদেনৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। এই অশুভ অভিযানৰ মাষ্টাৰমাইণ্ড ডুবাই আৰু চীনৰ পৰাই বিচাৰি উলিওৱা হৈছিল, তেওঁলোকে ভাৰতীয়সকলৰ সৈতে সহযোগিতা কৰিছিল যিসকলে কমিচনৰ বিনিময়ত তেওঁলোকৰ হৈ একাউণ্ট খুলি লেনদেন কৰিছিল।

পৰৱৰ্তী তদন্তত পুডুচেৰী গোচৰত দেখা গ’ল যে হংকঙৰ পৰা নিয়ন্ত্ৰিত এটা বেংক একাউণ্টটো ধনৰ প্ৰৱেশ কৰা হৈছিল, আৰু পাঁচ দিনৰ ভিতৰতে ইয়াত প্ৰায় ৫ কোটি টকাৰ লেনদেন দেখা গৈছিল।

এছ ভাস্কৰনে লগতে কয়, “এই ধৰণৰ কামকাজবোৰ পকেটমাৰৰ দিনৰ পৰাই একেই আছে – তেওঁলোকে ধন সংগ্ৰহ কৰে আৰু ই অনুসন্ধান কৰিব নোৱাৰা পৰ্যায়লৈ হস্তান্তৰিত কৰি থাকে – আৰু অপৰাধত সহায় কৰাসকলে কমিচন পায়। পাৰ্থক্য মাথোঁ এতিয়া ইয়াৰ ঠাই লৈছে প্ৰযুক্তিয়ে। পৰম্পৰাগতভাৱে যি কৰা হৈছিল সেয়া এতিয়া ডিজিটেলভাৱে কৰা হৈছে। ৫জি টেক আৰু বেংকিং প্ৰতিষ্ঠানৰ সহজ প্ৰৱেশে ধন বিতৰণ কৰাটো সহজ কৰি তুলিছে।’

টেলিগ্ৰাম: ‘কোনো প্লেটফৰ্মেই সম্পূৰ্ণ সুৰক্ষিত নহয়’

এইবোৰৰ প্ৰতি সঁহাৰি জনাই টেলিগ্ৰামৰ মতে কোনো প্লেটফৰ্মেই অপৰাধৰ বিৰুদ্ধে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। Moneycontrol ৰ সৈতে হোৱা কথা-বতৰাত কোম্পানীটোৰ এগৰাকী মুখপাত্ৰই কয় যে, “টেলিগ্ৰামত এনে কেলেংকাৰীৰ পূৰ্বে প্ৰায়ে হোৱা স্পেম প্ৰতিৰোধ কৰিবলৈ অত্যাধুনিক স্বয়ংক্ৰিয় ব্যৱস্থা ব্যৱহাৰ কৰা হয়। যদিও প্ৰতিদিনে হাজাৰ হাজাৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰা হয়, আৰু এই ব্যৱস্থাসমূহ সদায় উন্নত হৈ থাকে, কোনো প্লেটফৰ্মে এনে কেলেংকাৰী সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব নোৱাৰে।”

টেলিগ্ৰামত প্ৰায়ে এনে কেলেংকাৰীৰ পূৰ্বে হোৱা স্পেম প্ৰতিৰোধ কৰিবলৈ অত্যাধুনিক স্বয়ংক্ৰিয় ব্যৱস্থা ব্যৱহাৰ কৰা হয়। যদিও হাজাৰ হাজাৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ আগতেই প্ৰতিদিনে বন্ধ কৰা হয়, আৰু এই ব্যৱস্থাসমূহ সদায় উন্নত হৈ থাকে, কোনো প্লেটফৰ্মে এনে কেলেংকাৰী সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব নোৱাৰে।

টেলিগ্ৰামৰ মুখপাত্ৰ মন্তব্য – Moneycontrol

দেশজুৰি এনে গোচৰৰ সংখ্যা বৃদ্ধি চৰকাৰৰ দৃষ্টিগোচৰ নোহোৱালৈ থকা নাই, তথাপি প্লেটফৰ্মসমূহে দায়িত্ব সম্পূৰ্ণৰূপে এৰাই চলিব নোৱাৰে। ইয়াৰ পূৰ্বে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কৈছিল যে স্পেম কলৰ সংখ্যা বৃদ্ধিৰ বাবে চৰকাৰে হোৱাটছএপ আৰু টেলিগ্ৰামৰ দৰে মেচেঞ্জাৰ সেৱালৈ জাননী প্ৰেৰণৰ প্ৰক্ৰিয়া চলাই আছে। “এয়া MeitY ৰ স্বাভাৱিক কাৰ্যকলাপৰ পৰিসৰৰ এটা অংশ। আমি সক্ৰিয়ভাৱে প্ৰশ্ন কৰিম আৰু তেওঁলোকে উত্তৰ দিব। সুৰক্ষা আৰু বিশ্বাস নিশ্চিত কৰাৰ বাবে প্লেটফৰ্মসমূহ দায়বদ্ধ। মুক্ত, সুৰক্ষা আৰু বিশ্বাস আৰু জবাবদিহিতা কোম্পানীটোৰ দায়িত্ব।’ – তেওঁ কয়

কেনেকৈ সুৰক্ষিত থাকিব

গতিকে, যদি আপুনি হোৱাটছএপত এনে বাৰ্তা পাইছে বা হয়তো এতিয়া তেওঁলোকৰ সৈতেও জড়িত হৈ আছে তেন্তে আপুনি কি কৰা উচিত?

প্ৰথম আৰু প্ৰধানকৈ তথ্যৰে নিজকে সাজু কৰক। ইয়াতেই পুংখানুপুংখ গৱেষণা অতি প্ৰয়োজনীয় হৈ পৰে। কোম্পানীৰ ৱেবছাইট আছে নে নাই? গুগলৰ দৰে প্লেটফৰ্মত কিবা ৰিভিউ আছেনে? লিংকডইনত সন্ধান কৰিলে কোম্পানীটোৰ বিষয়ে কি জানিব পৰা যায়? Quora ৰ দৰে কমিউনিটি ফ’ৰামত কোম্পানীটোৰ বিষয়ে আলোচনা হয়নে? আৰু চৰকাৰী যোগাযোগৰ তথ্যৰ কথা কি ক’ব? ই সক্ৰিয় নেকি? আৰু বহু কিবাকিবি, গৱেষণা এটা কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া!

আন এটা গুৰুত্বপূৰ্ণ বিবেচনা হ’ল আপোনাৰ যোগাযোগৰ ৰেকৰ্ড ৰখা। বাৰ্তাসমূহ আৰ্কাইভ কৰক বা প্ৰতিটো পাৰস্পৰিক লেনদেন বা আলোচনাৰ স্ক্ৰীণশ্বটসমূহ ৰাখি থওক। সকলো লিখিতভাৱে ৰখাত জোৰ দিয়ক আৰু ব্যক্তিগত তথ্য বা স্পৰ্শকাতৰ তথ্য, যেনে আধাৰ, পেন, বা বেংক একাউণ্ট নম্বৰ, অনলাইনত কেতিয়াও কাকো প্ৰকাশ নকৰিব।

সন্দেহযুক্ত হ’লেও কোনো লাভ নহ’ব, আপুনি মিছা কোৱা হৈছে বুলি ধৰি ল’ব লাগিব আৰু নিজকে প্ৰমাণ কৰিব লাগিব যে সেইটো মিছা নহয়। আপুনি কেলেংকাৰী কৰা হৈছে বুলি ধৰি লৈ আৰম্ভ কৰক যেতিয়ালৈকে আপুনি পৰীক্ষা নকৰে যে ই অন্যথা হৈছে। এইদৰে আপুনি get go ৰ পৰা বেছিভাগ বস্তু ফিল্টাৰ কৰি পেলাব।

হিতেশ ধৰ্মদাসানী, চাইবাৰ নিৰাপত্তা বিশেষজ্ঞ

আপুনি পৰিচিত নোহোৱা আঁচনি বা প্লেটফৰ্মত বিনিয়োগ কৰাটো এৰক৷ যদি কোনোবাই বিনিয়োগৰ বাবে ৱেবছাইট বা প্লেটফৰ্মৰ পৰামৰ্শ দিয়ে, তেন্তে কোম্পানীটো ষ্টক মাৰ্কেটত তালিকাভুক্ত হোৱাটো নিশ্চিত কৰক। ট্ৰেডিং প্লেটফৰ্ম হিচাপে প্ৰমাণপত্ৰ পৰীক্ষা কৰক। কোনো কাৰণতে প্লেটফৰ্মৰ সৈতে জড়িত বুলি দাবী কৰা কোনো এপ কেতিয়াও ডাউনলোড নকৰিব। অজ্ঞাত উৎসৰ পৰা পোৱা লিংকসমূহত ক্লিক কৰাৰ পৰা বিৰত থাকক, কাৰণ সেইবোৰ ফিছিং লিংক হ’ব পাৰে বা মেলৱেৰ থাকিব পাৰে।

আটাইতকৈ ফলপ্ৰসূ পদ্ধতি হ’ল যিকোনো অনাকাংক্ষিত ফোন বা বাৰ্তাক সন্দেহৰ দৃষ্টিৰে চোৱা।

চাইবাৰ সুৰক্ষা বিশেষজ্ঞ হিতেশ ধৰ্মদাসানীয়ে এই দৃষ্টিভংগীক আলোকপাত কৰি কৈছে, “সন্দেহযুক্ত হ’লেও কোনো সহায় নহ’ব, আপুনি ধৰি ল’ব লাগিব যে আপোনাক মিছা কোৱা হৈছে আৰু নিজকে প্ৰমাণ কৰিব লাগিব যে সেয়া মিছা নহয়। আপুনি কেলেংকাৰী কৰা হৈছে বুলি ধৰি লৈ আৰম্ভ কৰক যেতিয়ালৈকে আপুনি পৰীক্ষা নকৰে যে ই হৈছে। এইদৰে আপুনি Get Go ৰ পৰা বেছিভাগ কথা ফিল্টাৰ কৰি পেলাব।”

টেলিগ্ৰাম কেলেংকাৰীৰ ক্ষেত্ৰত ধৰ্মদাসানীৰ দৰ্শন বিশেষভাৱে প্ৰযোজ্য।