Fact Check: কানাডাত RSS ক নিষিদ্ধ কৰা হৈছে নেকি? ভাইৰেল দাবীৰ আঁৰৰ তথ্য ইয়াত পঢ়ক

Claim
কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)ক নিষিদ্ধ কৰিছে

Fact
নহয়, ভাইৰেল দাবীটো ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে আৰএছএছক নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ জাৰি কৰা নাই।

শেহতীয়াকৈ ইণ্ডো-কানাডিয়ান কূটনৈতিক সংঘাতৰ মাজতে, এটা দাবী ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভাইৰেল দাবীটোত কোৱা হৈছে যে “কানাডিয়ান চৰকাৰে হিন্দু সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) নিষিদ্ধ কৰিছে আৰু ইয়াৰ কৰ্মীসকলক অতি শীঘ্ৰেই দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” দাবীটো এটা ভিডিঅ’ৰ সৈতে ভাইৰেল হৈ পৰিছে য’ত এগৰাকী ব্যক্তিয়ে তিনিটা দাবী কৰিছে, যাৰ ভিতৰত এটা দাবী হৈছে আছে কানাডাত আৰ এছ এছৰ ওপৰত নিষেধাজ্ঞা।

পিছে, আমি আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এই ভাইৰেল দাবীটো সম্পূৰ্ণৰূপে ভুৱা। কানাডিয়ান চৰকাৰে এতিয়ালৈকে তেনে কোনো নিৰ্দেশ জাৰি কৰা নাই। ভাইৰেল ভিডিঅ’টোত নেচনেল কাউঞ্চিল অৱ কানাডিয়ান মুছলমান (এনচিচিএম)ৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ব্ৰাউনে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে দেশখনত আৰ এছ এছক নিষিদ্ধ কৰিবলৈ কানাডিয়ান চৰকাৰক দাবী জনাইছে।

বিগত ১৮ ছেপ্টেম্বৰত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে কানাডাৰ সংসদত এক বিবৃতি প্ৰদান কৰি অভিযোগ কৰে যে হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ আঁৰত ভাৰত চৰকাৰৰ হাত থাকিব পাৰে আৰু কানাডাৰ বিভাগীয় সংস্থাসমূহে ইয়াৰ তদন্ত কৰি আছে। এই বিবৃতিৰ পিছতে, কানাডাই ভাৰতৰ শীৰ্ষ কূটনীতিবিদ পৱন কুমাৰ ৰায়ক বহিষ্কাৰ কৰে। আনফালে এই ঘটনাৰ প্ৰতিশোধ স্বৰূপে ভাৰতেও কানাডিয়ান হাই কমিছনক চমন জাৰি কৰে আৰু আন এগৰাকী শীৰ্ষ কূটনীতিবিদক পাঁচ দিনৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ভাৰতে কানাডাৰ এই অভিযোগবোৰক অযুক্তিকৰ বুলি অভিহিত কৰে।

উল্লেখ্য যে ভাইৰেল দাবীৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টো প্ৰায় ১ মিনিটৰ। ভিডিঅ’টোত এজন ব্যক্তিক ইংৰাজীত কোৱা শুনা গৈছে, যাৰ অসমীয়া অনুবাদ এনেধৰণৰ – “আমি NCCM ৰ হৈ চাৰিটা অতিৰিক্ত দাবী কৰোঁ। প্ৰথমতে, ভাৰতৰ কানাডিয়ান ৰাষ্ট্ৰদূতক শীঘ্ৰেই ওভতাই আনিব লাগে। দ্বিতীয়তে, ভাৰতৰ ৰাষ্ট্ৰদূত আৰু কানাডাৰ উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাক বহিষ্কাৰ কৰাৰ প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ কৰিব লাগে। তৃতীয়তে, ভাৰত আৰু কানাডাৰ মাজত আনুষ্ঠানিকভাৱে বাণিজ্য নিষিদ্ধ কৰিব লাগে। চতুৰ্থতে, আমি WSO ৰ ওচৰত দাবী জনাইছো যে RSS ক তাৎক্ষণিকভাৱে অপৰাধ সংহিতা (Criminal Code) ৰ অধীনত নিষিদ্ধ কৰিব লাগে আৰু ইয়াৰ সদস্যসকলক কানাডাৰ পৰা বহিষ্কাৰ কৰিব লাগে।”

এই ভিডিঅ’টো ফেচবুক আৰু এক্স (পূৰ্বতে টুইটাৰ) দুয়োটাতে ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে।

এটা ভেৰিফাইড এক্স একাউণ্টে এই ভিডিঅ’টো শ্বেয়াৰ কৰি শিৰোনাম দিছিল, “হে ৰাম, এই কানাডাই লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ পথ অনুসৰণ কৰিবলৈ ওলাইছে। কানাডাত আৰ এছ এছক নিষিদ্ধ কৰা হ’ল!! যি কি নহওক, বিশ্বই হিন্দু ৰাষ্ট্ৰ আৰু হিন্দু বিশ্বৰ সপোন কিয় সঁচা হোৱাটো নিবিচাৰে? আৰএছএছৰ ভুল ক’ত?”

Courtesy: X/@GDnarbhakshi

একে সময়তে, এই ভিডিঅ’টো ভাইৰেল দাবীৰে সৈতে ফেচবুকতো শ্বেয়াৰ কৰা হৈছে, য’ত লিখা আছে, “কানাডা চৰকাৰে আৰ এছ এছক নিষিদ্ধ কৰিছে আৰু ইয়াৰ কৰ্মীসকলক তাৎক্ষণিকভাৱে কানাডা এৰি যাবলৈ নিৰ্দেশ জাৰি কৰিছে, এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু এতিয়া ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে আৰ এছ এছ নিষিদ্ধ হ’বলৈ গৈ আছে”।

Courtesy: FB/Huma Naqvi

Fact Check / Verification

নিউজচেকাৰে প্ৰথমে দাবীটো পৰীক্ষা কৰিবলৈ ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰোতে আমি ইয়াত @nccmuslims নামৰ টিকটক একাউণ্ট এটাৰ ৱাটাৰমাৰ্ক দেখিবলৈ পাইছিলো।

যেতিয়া আমি টিকটকত সেই একাউণ্টটো অনুসন্ধান কৰিছিলো, আমি এই ভিডিঅ’টো প্ৰায় দুদিন আগতে আপলোড কৰা দেখিছিলো। ভিডিঅ’টোৰ তলত দিয়া বৰ্ণনাত কোৱা হৈছে যে “NCCM ৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ব্ৰাউনে কানাডাৰ বিশ্ব শিখ সংগঠনৰ পৰিচালক মণ্ডলীৰ সদস্য মুখবীৰ সিঙৰ সৈতে মন্ত্ৰনা কৰি ভাৰত চৰকাৰৰ এজেণ্টৰ দ্বাৰা হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ অভিযোগৰ প্ৰতিক্ৰিয়াস্বৰূপে স্পষ্ট ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে”।

ইয়াৰ বৰ্ণনাত লিখা হৈছে, “কানাডাৰ বিশ্ব শিখ সংগঠনৰ (WSO) দাবীৰ উপৰিও আমি আন চাৰিটা দাবীও আগবঢ়াইছো। ইয়াৰ ভিতৰত ১) ভাৰতৰ পৰা কানাডাৰ ৰাষ্ট্ৰদূতক তাৎক্ষণিকভাৱে পুনৰ ওভতাই অনা, ২) ভাৰতৰ ৰাষ্ট্ৰদূত তথা কানাডাত থকা উচ্চায়ুক্ত সঞ্জয় কুমাৰ বাৰ্মাক বহিষ্কাৰৰ প্ৰক্ৰিয়া ততালিকে আৰম্ভ কৰা, ৩) ভাৰত আৰু কানাডাৰ মাজত আনুষ্ঠানিকভাৱে ব্যৱসায় বাণিজ্য নিষিদ্ধ কৰা, ৪) ফৌজদাৰী সংহিতা (Criminal Code) ৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱা আৰু ইয়াৰ সদস্যসকলক কানাডাৰ পৰা বহিষ্কাৰ কৰা।”

অনুসন্ধানত, আমি NCCM ৰ ফেচবুক পৃষ্ঠাটো পৰীক্ষা কৰিছিলো আৰু ১৯ ছেপ্টেম্বৰ ২০২৩ তাৰিখে শ্বেয়াৰ কৰা এটা পোষ্ট পাইছিলো, য’ত ওপৰত উল্লেখ কৰা সকলোবোৰ দাবী আছে।

তদুপৰি, ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰত কৰা ফে’চবুক পোষ্টত সন্নিবিষ্ট তথ্য অনুসৰি, NCCM এ WSO’ৰ সৈতে ১৯ ছেপ্টেম্বৰত কানাডাৰ হাউচ অৱ কমন্সত হৰদীপ সিং নিজ্জাৰৰ হত্যা সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰিছিল।

हमें जांच में NCCM के यूट्यूब अकाउंट पर 20 सितंबर 2023 को अपलोड किया गया वीडियो भी मिला. इस वीडियो के क़रीब 5 मिनट से वायरल वीडियो वाले दृश्यों को देखा और सुना जा सकता है.

ইফালে আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি ২০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে NCCM ৰ ইউটিউব একাউণ্টত আপলোড কৰা এটা ভিডিঅ’ পাইছিলো। ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল এই ভিডিঅ’টোৰ প্ৰায় ৫ মিনিটৰ পৰা শুনিব পাৰি।

এই সময়ছোৱাত, আমি NCCM ৱেবছাইটটো অনুসন্ধান কৰিছিলো, আৰু আমি সংগঠনটোৰ সৈতে সম্পৰ্কিত তথ্য তেওঁলোকৰ About Us শাখাত কিছু তথ্য লাভ কৰিছিলো। এই ৱেবছাইটত দিয়া তথ্য অনুসৰি, নেচনেল কাউন্সিল অফ কানাডিয়ান মুছলমান (এনচিচিএম) হৈছে এক স্বতন্ত্ৰ, পক্ষপাতহীন আৰু Non-Profit সংগঠন। ইয়াৰ সদস্যসকল কানাডিয়ান মুছলমান আৰু তেওঁলোকৰ মুখ্য কাম হৈছে দেশৰ মুছলমান সমুদায়ৰ অধিকাৰৰ বাবে মাত মতা আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰা। ইয়াৰ মুখ্য কাৰ্যালয় কানাডাৰ ৰাজধানী অ’টাৱাত অৱস্থিত।

এতিয়ালৈকে আমাৰ অনুসন্ধানত, এইটো স্পষ্ট হৈছে যে ভাইৰেল ভিডিঅ’টোত দেখা ব্যক্তিজন হৈছে এনচিচিএমৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ব্ৰাউন, যিয়ে খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে কানাডা চৰকাৰক কানাডাত আৰ এছ এছক নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। লগতে, তেওঁৰ সংগঠনটো এটা সম্পূৰ্ণ Non-Profit সংগঠন আৰু কানাডিয়ান চৰকাৰৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কানাডিয়ান চৰকাৰে আৰ এছ এছ নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশ দিছিল নেকি সেয়া পৰীক্ষা কৰো। কিন্তু আমি তেনে কোনো বিশ্বাসযোগ্য বাতৰি প্ৰতিবেদন বিচাৰি পোৱা নাছিলো। লগতে, আমি এই সন্দৰ্ভত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ পৰাও আমি কোনো বিবৃতি পোৱা নাছিলো।

আমি আমাৰ অনুসন্ধানৰ শেষ পৰ্যায়ত আৰ এছ এছৰ বিদেশী শাখা হিন্দু স্বয়ংসেৱক সংঘৰ (এইচএছএছ) কানাডিয়ান কৰ্মীসকলৰ সৈতেও যোগাযোগ কৰিছো। পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সঁহাৰি দিলে এই প্ৰতিবেদন আপডেট কৰা হ’ব। 

Conclusion

আমাৰ অনুসন্ধানত পোৱা প্ৰমাণৰ পৰা এইটো স্পষ্ট যে কানাডাত আৰ এছ এছৰ ওপৰত নিষেধাজ্ঞাৰ ভাইৰেল দাবী ভুৱা। কানাডাৰ ট্ৰুডো চৰকাৰৰ দ্বাৰা এতিয়ালৈকে এনেধৰণৰ কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই। ভাইৰেল দাবীৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টোত কেৱল স্থানীয় সংগঠন এনচিচিএমৰ মুখ্য কাৰ্যবাহী বিষয়া ষ্টিফেন ব্ৰাউনে আৰ এছ এছৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছে।

Result: False


Our Sources:
1. Video of Tictok account of NCCM
2. Facebook Post of NCCM
3. Youtube Video of NCCM
4. Information on NCCM Website

যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।