Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে অযোধ্যাৰ প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে অযোধ্যালৈ বজৰংবলীৰ বানৰ সেনাৰ সমাগমৰ এক অপূৰ্ব দৃশ্য।
নিউজচেকাৰে এই সন্দৰ্ভত তথ্য পৰীক্ষা কৰি জানিব পাৰিলো যে এইটো থাইলেণ্ডৰ ভিডিঅ’, অযোধ্যাৰ নহয়।
Fact
পোনপ্ৰথমে আমি এই ভাইৰেল দাবীৰ সত্যতা জানিবৰ বাবে ভিডিঅ’টোৰ কিছুমান কী-ফ্ৰেম উলিয়াই ললো আৰু ইয়াৰ এটা Reverse Image Search কৰিলো। আৰু ইয়াৰ জৰিয়তে আমি ভালেমান ৱেব লিংক লাভ কৰিলো, য’ত এই ভাইৰেল ভিডিঅ’টো সন্নিৱিষ্ট হৈ আছে। সেইবোৰ লিংকৰ ভিতৰত থাইলেণ্ডৰ Nation TV ৰ এটা প্ৰতিবেদনত আমি কপিকূল বা বান্দৰৰ জাকটো সন্দৰ্ভত বিশদ তথ্য লাভ কৰো। ১১ মাৰ্চ ২০২০ তাৰিখৰ এই প্ৰতিবেদন অনুসৰি থাইলেণ্ডৰ ফাৰা কান মন্দিৰৰ সমূখত বান্দৰৰ এটা দলে খাদ্যক লৈ কাজিয়া কৰি থকা দেখা গৈছে।
এইবাৰ আমি পুনৰ ভাইৰেল ভিডিঅ’টোক লৈ গুগলত কীৱর্ড ‘Monkey Gang On Road‘ ৰে ছাৰ্ছ কৰাৰ সময়ত আমি কিছুমান ভিডিঅ’ লাভ কৰো, য’ত অযোধ্যালৈ গৈ থকা বুলি ভাইৰেল হোৱা ভিডিঅ’টোও লাভ কৰো।
মূল ভিডিঅ’টো থাইলেণ্ডত কৰ’ণাৰ সময়ছোৱাত ১৩ মাৰ্চ, ২০২০ৰ। ভিডিঅ’টোত থাইলেণ্ডৰ লোপবুৰী নামৰ ঠাইখনত কেতিয়াবা পৰ্যটকৰ ভিৰ হয়, য’ত তেওঁলোকে লগত লৈ অহা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী আগবঢ়াইছে। কিন্তু covid ৰ বাবে জনসমাগম কম হোৱাৰ বাবে খাদ্য পোৱা নাছিল। অযোধ্যাৰ ৰামলালাৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত ভাইৰেল হোৱা এই ভিডিঅ’টো বেংককৰ উত্তৰ-পূৱৰ এই চহৰখনৰ এজন পৰ্যটকে তোলা ভিডিঅ’।
গতিকে, আমি লাভ কৰা তথ্য অনুসৰি এই ভিডিঅ’ ভাৰতৰ অযোধ্যাৰ নহয়, বৰং থাইলেণ্ডৰহে। আনহাতে এই ভিডিঅ’ শেহতীয়া নহয়, বৰং ২০২০ ৰেই। ভাইৰেল দাবী মিছা।
Our Sources
Report By Nationtv, Dated: March 11, 2020
YouTube Video By Guardian News , Dated: March 13, 2020
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
Rangman Das
January 30, 2024
Rangman Das
December 20, 2023
Rangman Das
November 9, 2023