Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
অযোধ্যা ৰে’লৱে ষ্টেচনৰ ফটো।
Fact
এইবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰে (AI) সৃষ্টি কৰা ফটোহে, প্ৰকৃত অযোধ্যা ৰে’লৱে ষ্টেচনৰ ফটো নহয়। বৰ্তমান অযোধ্যা ৰে’লৱে ষ্টেচনটোৰ পুনৰ উন্নয়নৰ কাম কৰি থকা হৈছে। আৰু এয়া ২০২৪ চনৰ জানুৱাৰী মাহত মুকলি কৰা হ’ব বুলি জানিব পৰা গৈছে।
২০২৪ চনৰ ২১ ৰ পৰা ২৪ জানুৱাৰীৰ ভিতৰত এটা পৱিত্ৰ দিনত অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণপ্ৰতিষ্ঠা কৰাৰ লগতে মন্দিৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰস্তুতি দ্ৰুতগতিত চলি আছে। একে সময়তে অযোধ্যা নগৰীৰ ৰে’ল ষ্টেচনসমূহো পুনৰ নিৰ্মাণ কৰি তোলা হৈছে। অত্যাধুনিক সা-সুবিধাৰে অযোধ্যা ৰে’ল ষ্টেচন সাজু কৰাৰ উপৰিও ভগৱান শ্ৰীৰামৰ কনিষ্ঠ ভাতৃ ভৰতৰ পৱিত্ৰ স্থান ভৰত কুণ্ড ৰে’লৱে ষ্টেচনকো সুন্দৰকৈ সজাই তোলা হৈছে। ইয়াৰ সমান্তৰালকৈ অযোধ্যা ৰে’ল ষ্টেচনৰ একাংশ ছবি ভাইৰেল হৈ পৰিছে। এই ছবিবোৰ অতি আকৰ্ষণীয় আৰু ৰে’লৱে ষ্টেচনটো এই ফটোবোৰত অতি বেছি আধুনিক আৰু ধুনীয়া দেখা গৈছে। ৰে’ল ষ্টেচনটো সম্পূৰ্ণ সাজু হোৱাৰ পিছত এনেকুৱা দেখা যাব বুলি দাবী কৰা হৈছে।
এই ফটোবোৰ বিভিন্ন ফে’চবুক ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে। সেইবোৰৰ একাংশ ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি চাব পাৰিব।
এই ভাইৰেল ফটোবোৰৰ সত্যতা নিৰূপণৰ বাবে আমি পোনপ্ৰথমেই প্ৰাসঙ্গিক কী-ৱৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেটত সন্ধান আৰম্ভ কৰিলো। ইয়াতেই আমি অযোধ্যা ৰে’লৱে ষ্টেচন সংক্ৰান্তীয় বাতৰি প্ৰতিবেদন লাভ কৰো। দেশৰ একাধিক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি পুনৰ নিৰ্মাণ কৰি থকা অযোধ্যা ৰে’লৱে ষ্টেচনটো ২০২৪ চনৰ জানুৱাৰী মাহত যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ব। বাতৰি প্ৰতিবেদন ইয়াত, ইয়াত আৰু ইয়াত ক্লিক কৰি পঢ়িব পাৰিব।
আমি এই বাতৰি অনুসৰণ কৰোতে ২০২৩ চনৰ জুলাই মাহত ৰে’ল মন্ত্ৰালয়ে ইয়াৰ X হেণ্ডেলত প্ৰকাশ কৰা এটা আপডেট লাভ কৰো। ইয়াত অযোধ্যা ৰে’ল ষ্টেশ্যনৰ কামৰ অগ্ৰগতি দেখুওৱা কিছুমান ফটো সন্নিৱিষ্ট কৰা হৈছে। এই ফটোবোৰৰ কোনো এখনো ভাইৰেল ফটোৰ সৈতে সাদৃশ্য আমি দেখা নাপালো।
এইবাৰ আমি ভাইৰেল হোৱা ফটোবোৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) ৰ মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে নেকি পৰীক্ষা কৰিবৰ বাবে https://www.aiornot.com/ আৰু https://illuminarty.ai/en/ নামৰ দুটা অনলাইন সঁজুলি ব্যৱহাৰ কৰিলো। ইয়াতেই আমি লাভ কৰা তথ্য অনুসৰি এই ফটোবোৰ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। তলত ইয়াৰ স্ক্ৰীণশ্বট দেখুওৱা হৈছে।
এইবোৰৰ উপৰিও আমি আন কেইটামান দিশলৈকো মন কৰিছিলো, সেয়া হৈছে (ক) এই ছবিবোৰত অযোধ্যা ৰে’লৱে ষ্টেচনৰ বানান ভুলকৈ লিখা হৈছে। (খ) এই ফটোসমূহ আনুষ্ঠানিকভাৱে ৰে’ল বিভাগে প্ৰকাশ কৰা নাই।
আনফালে, এই ভাইৰেল ফটোবোৰ অমৰ নামৰ এজন ব্যক্তিয়ে সৃষ্টি কৰিছে আৰু কৰিছিল; এইবোৰ Madhya Pradesh Index নামৰ এটা এক্স একাউণ্টে শ্বেয়াৰ কৰি অমৰক ক্ৰেডিট দিছিল।
নিউজচেকাৰে অনুসন্ধান কৰি লাভ কৰা তথ্য অনুসৰি ভাইৰেল হোৱা ফটোবোৰ অযোধ্যা ৰে’ল ষ্টেশ্যনৰ নহয়। এই ফটোবোৰ AI ৰ মাধ্যমেৰে প্ৰস্তুত কৰা হৈছে। অযোধ্যা ৰে’ল ষ্টেশ্যনৰ সৈতে এই ফটোবোৰৰ কোনো সম্পৰ্ক নাই। ভাইৰেল পোষ্ট ভুৱা।
Our Sources:
1. X post by Madhya Pradesh Index, dated October 28, 2023
2. AI Image checking tools – https://www.aiornot.com/ and https://illuminarty.ai/en/
3. Report published by The Times of India, Dated Nov 5, 2023
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
Rangman Das
January 30, 2024
Rangman Das
January 23, 2024
Rangman Das
December 20, 2023