Newchecker.in is an independent fact-checking initiative of NC Media Networks Pvt. Ltd. We welcome our readers to send us claims to fact check. If you believe a story or statement deserves a fact check, or an error has been made with a published fact check
Contact Us: checkthis@newschecker.in
Fact Check
Claim
ভাইৰেল ভিডিঅ’টোত অযোধ্যা ৰাম মন্দিৰৰ ভক্তপ্ৰাণ ৰাইজে আগবঢ়োৱা অনুদানৰ সৈতে চান্দা বাকচটো দেখা গৈছে।
Fact
২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যা ৰাম মন্দিৰ মুকলি হোৱাৰ পূৰ্বৰে পৰাই ভাইৰেল ভিডিঅ’টো ইণ্টাৰনেটত উপলব্ধ হৈ আছে। ভিডিঅ’টো ৰাজস্থানৰ সাঁৱলিয়া ছেঠ মন্দিৰৰ বুলি প্ৰমাণিত হৈছে।
ছ’চিয়েল মিডিয়াত এটা মন্দিৰৰ দানপাত্ৰৰ পৰা মন্দিৰ কৰ্মচাৰীয়ে বৰঙণিৰ ধন চলাই থকা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পোষ্টটোৰ সৈতে দাবী কৰা হৈছে যে এয়া ২২ জানুৱাৰীত অযোধ্যাত মুকলি হোৱা ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠাৰ পিছৰ দৃশ্য। তেনে এটা পোষ্ট ইয়াত ক্লিক কৰি চাব পাৰিব।
অৱশ্যে আমি এই দাবী মিছা বুলি প্ৰমাণ লাভ কৰিলো। এই ভিডিঅ’টো ৰাজস্থানৰ চিট্টোৰগড়ত অৱস্থিত সাঁৱলিয়া ছেঠজী মন্দিৰৰ।
ভাইৰেল ক্লিপটোৰ সত্যতা নিশ্চিত কৰিবৰ বাবে আমি ইয়াৰ কী-ফ্ৰেম ব্যৱহাৰ কৰি ইণ্টাৰনেটত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। ইয়াতেই আমি এটা ইনষ্টাগ্ৰাম পোষ্টত একেটা ভিডিঅ’ থকাৰ তথ্য লাভ কৰিলো। ২০২৪ চনৰ ১৬ জানুৱাৰীত আপলোড কৰা এই ভিডিঅ’টোৰ কেপশ্যনত লিখা হৈছে – 🌹श्री सांवलिया सेठ🌹:-इस बार रिकॉर्ड 12 करोड़ 69 लाख नकद दान राशि निकली (শ্ৰী সাঁৱলিয়া ছেঠ:- এইবাৰ অভিলেখ সৃষ্টি কৰি ১২ কোটি ৬৯ লাখ নগদৰ অনুদান)। অৰ্থাৎ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ প্ৰায় এসপ্তাহ পূৰ্বৰ এই ভিডিঅ’। ইনষ্টাগ্ৰামত এই ভিডিঅ’টো দেখিবলৈ পাব।
আমি সম্পাদন কৰা গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চৰ ফলত আন এটা ইউটিউব ভিডিঅ’ আমি লাভ কৰিছিলো। ২০২৪ চনৰ ১৯ জানুৱাৰী তাৰিখে আপলোড কৰা এই ভিডিঅ’টোও ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই। এই ভিডিঅ’টোৰ তথ্য অনুসৰিও এয়া ৰাজস্থানৰ চিট্টোৰগড়ত অৱস্থিত শ্ৰী সাঁৱলিয়া ছেঠজী মন্দিৰৰ দৃশ্য। ভিডিঅ’টোৰ কেপচনত লিখা আছে, “এইবাৰ ১২.৬৯ কোটি টকাৰ নগদ ধন সংগ্ৰহ হোৱাৰ বাবে অভিলেখ”
ইয়াৰ পিছত আমি গুগল কী-ৱৰ্ড ছাৰ্ছৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি জী-নিউজৰ এটা প্ৰতিবেদন আমি লাভ কৰো। প্ৰতিবেদনটোৰ মতে, ২০২৪ চনত প্ৰথমবাৰৰ বাবে মেৱাৰৰ বিখ্যাত কৃষ্ণ ধাম শ্ৰীযুত সাঁৱলিয়া ছেঠৰ দানপাত্ৰ মুকলি কৰা হয়। ৪ দিন ধৰি চলি থকা গণনাৰ অন্তত সাঁৱলিয়া ছেঠৰ দানপাত্ৰৰ পৰা ১২ কোটি ৯৭ লাখ ১৪ হাজাৰ ৪৭৬ টকাৰ ধন গণনা কৰা হৈছে। কেৱল এয়াই নহয়, দান বাকচত ৫৬ কেজি ৩১৯ গ্ৰাম ৰূপ আৰু ১ কেজি ১৯০ গ্ৰাম সোণ পোৱা গৈছে। ভগৱান শ্ৰী সাৱলীয়া ছেঠৰ দুদিনীয়া মাহেকীয়া মেলাৰ প্ৰথম দিনা অৰ্থাৎ ২০২৪ চনৰ ১০ জানুৱাৰীত কৃষ্ণ পক্ষ চতুৰ্দশীত ভগৱান শ্ৰী সাঁৱলিয়া ছেঠৰ দানপাত্ৰ মুকলি কৰা হয়।
আমি লাভ কৰা তথ্য অনুসৰি ভাইৰেল দাবীটো ভুৱা। ভাইৰেল ভিডিঅ’টো ৰাজস্থানৰ চিট্টোৰগড়ত অৱস্থিত সাঁৱলিয়া ছেঠ মন্দিৰৰ। এইটো অযোধ্যাৰ ৰাম মন্দিৰ দানপাত্ৰৰ ভিডিঅ’ নহয়।
Our Sources:
1. Instagram post by Sawaliya Seth, dated 16th Jan, 2024.
2. Report by Zee News, dated 17th Jan, 2024
3. Post by Udaypur Vlogs, dated 19th Jan, 2024
যিকোনো সন্দেহজনক বাতৰি আৰু তথ্য সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ বা সত্যানুসন্ধান কৰিবলৈ, আমালৈ checkthis@newschecker.in বা হোৱাটছএপযোগে 9999499044 লৈ মেছেজ প্ৰেৰণ কৰিব। আপুনি আমাৰ সৈতে যোগাযোগ কৰি প্ৰপত্ৰখনো পূৰণ কৰিব পাৰে।
Rangman Das
January 23, 2024
Rangman Das
December 20, 2023
Rangman Das
November 9, 2023